-মহম্মদ জুলকাৰনাইন জুলফি
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ এমাহৰ পাচতে জম্মু-কাশ্মীৰত উপস্থিত হয় বাওঁহতীয়া অল-ৰাউণ্ডাৰ সুৰেশ ৰাইনা ৷ শুকুৰবাৰে জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্নৰ মনোজ সিনহা আৰু আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙৰ সৈতে সাক্ষাৎ কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ ৰাজ্যখনত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উপস্থিত হয় ৰাইনা ৷
শ্ৰীনগৰত L-G, DGP ৰে সাক্ষাৎ সুৰেশ ৰাইনাৰ প্ৰকৃততে শ্ৰীনগৰৰ ৰাইনাৱাৰীৰ বাসিন্দা 33 বৰ্ষীয় ৰাইনাই এই বছৰৰ 26 আগষ্টত দিলবাগ সিং আৰু অনন্তনাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্দীপ সিঙলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ কাশ্মীৰ উপত্যকাত ক্ৰীড়ামূলক কাৰ্যক্ৰমৰ প্ৰচাৰৰ বাবে ইচ্ছা প্ৰকাশ কৰি এই পত্ৰ প্ৰেৰণ কৰিছিল ৰাইনাই ৷
ৰাইনাই পত্ৰত লিখিছিল, "জম্মু-কাশ্মীৰত ক্ৰিকেটৰ আৰম্ভণি আৰু প্ৰচাৰৰ বাবে অতি আশা আৰু হেঁপাহেৰে এই পত্ৰ লিখিছো ৷ ইয়াৰ জৰিয়তে বঞ্চিত শিশুসকলে ক্ৰিকেটৰ জৰিয়তে কেৰিয়াৰ গঢ়িবলৈ সুবিধা লাভ কৰিব ৷"
টুইটাৰৰ জৰিয়তে ৰাইনাই কয়, "সন্মানীয় লেফটেনেন্ট গৱৰ্নৰ মনোজ সিনহা মহাশয়ৰ সমৰ্থন লাভ কৰা বাবে মই অত্যধিক সুখী হৈছো ৷ জম্মু-কাশ্মীৰত ক্ৰীড়াৰ বাবে প্লেটফৰ্ম গঢ়া সম্পৰ্কত তেওঁৰ সৈতে এক বৈঠকত বহিলো ৷ ইয়াৰ প্ৰচাৰৰ কাম আৰু বহল কৰো আহক !"
শ্ৰীনগৰত L-G, DGP ৰে সাক্ষাৎ সুৰেশ ৰাইনাৰ সিনহাক সাক্ষাৎ কৰাৰ পাচতে দিলৱাগ সিঙৰ সৈতে সাক্ষাৎ কৰে ৰাইনাই ৷ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই মন্তব্য কৰে যে, কিছু স্থানীয় ক্ৰিকেট দলক প্ৰশিক্ষণ দিবলৈও ৰাইনাই ইচ্ছা প্ৰকাশ কৰিছে ৷
ক্ৰীড়া জগতলৈ ৰাইনাৰ অৱদানৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষীয়ে তেওঁক এক স্মৃতিচিহ্ন প্ৰদান কৰে ৷ 15 বছৰৰ ক্ৰিকেট কেৰিয়াৰত ৰাইনাই এদিনীয়াত 35.31 গড়েৰে 5,615 ৰাণ সংগ্ৰহ কৰিছে ৷ তেওঁৰ দখলত আছে 5 টা শতক আৰু 36 টা অৰ্ধ শতক৷
ব্যক্তিগত কাৰণত আইপিএলত অংশগ্ৰহণ নকৰাকৈয়ে ডুবাইৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছিল সুৰেশ ৰাইনাই ৷ উল্লেখ্য যে, শনিবাৰৰ পৰা আবি ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত আৰম্ভ হ'ব আইপিএলৰ প্ৰথমখন মেচ ৷ সন্ধিয়া 7:30 বজাত আৰম্ভ হ'বলগা মেচত অংশগ্ৰহণ কৰিব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে ৷
লগতে পঢ়ক :আইপিএল 2020 : জীমত দিল্লী কেপিটেলছৰ খেলুৱৈৰ শৰীৰ চৰ্চা