স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ ইংগিত দিছে অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ অধিয়ানক টিম পেনে ৷ সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ ইংগিত দিয়ে ক্ৰিকেটাৰগৰাকীয়ে ৷ পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ পাচতেই বিদায় মাগিব পাৰে অধিনায়কগৰাকীয়ে ৷
অধিনায়কগৰাকীয়ে কয়,
অষ্ট্ৰেলিয়াৰ টেষ্ট ক্ৰিকেট দলৰ অধিয়ানক ‘‘ হয়তো এইটো মোৰ অন্তিম গ্ৰীষ্মকালীন ছিজন ৷ মই ইয়াক লৈ নিশ্চিত নহয় ৷ মই বৰ্তমান খেলৰ আনন্দ লৈ আছো ৷ মই শাৰীৰিক আৰু মানসিক ভাৱে সুন্দৰ অনুভৱ কৰি আছো ৷’’
ইয়াৰ লগতে তেওঁ কয়,
মই জানো বয়স বৃদ্ধি হোৱাৰ লগে-লগে তেতিয়া সকলো বস্তু তীব্ৰ গতিত সলনি হৈ পৰে ৷ মই এই গ্ৰীষ্মকালক লৈ প্ৰস্তুত ৷ বৰ্তমান মই ভৱিষ্যতৰ কথা চিন্তা কৰা নাই ৷ মই জানো মই কি কৰিব লাগে, কি আয়ত্ত কৰিবলৈ মোৰ বাকী আছে ৷
ইপিনে অধিনায়ক তথা উইকেটকীপাৰ এই দুয়োটা আটাইতকৈ আলোচনাৰ সন্মুখীন হোৱা স্থান বুলি মন্তব্য কৰে টিম পেনে ৷ বৰ্তমান তেওঁ দুয়োটা ভূমিকাত আছে ৷ সেই বাবে তেওঁ সদায় মুখ্য টাৰ্গেটত থাকিব বুলি উল্লেখ কৰে টিম পেনে ৷
লগতে চাওক- বেটিং ক্ৰমক লৈ চিন্তিত নহয় ধোনী ! কেতিয়া ক’ত ক’লে এই কথা..