অসম

assam

ETV Bharat / sports

পুনৰ ভাৰতীয় দলত দেখা যাব পাৰে ইৰফান পাঠানক ! - ইনষ্টাগ্ৰাম চেট

১৬ বছৰৰ ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই চলিত বৰ্ষৰ জানুৱাৰী মাহত ক্ৰিকেটক বিদায় দিছিল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে । কিন্তু শেহতীয়াকৈ পুনৰ দেশৰ বাবে খেলাৰ এক ইংগিত দিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

Irfan Pathan ready to come out of retirement if communicated properly
Irfan Pathan ready to come out of retirement if communicated properly

By

Published : May 12, 2020, 11:18 AM IST

স্পৰ্টছ ডেস্ক, ১২ মে': চলিত বৰ্ষৰ জানুৱাৰী মাহত ক্ৰিকেটৰ পৰা বিদায় মাঙিছিল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ ইৰফান পাঠানে । কিন্তু শেহতীয়াকৈ অৱসৰৰ পাচত পুনৰ ক্ৰিকেটৰ খেলপথাৰত ভুমুকি মৰাৰ ইচ্ছা প্ৰকাশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । তেওঁ কয়, তেওঁ সম্পূৰ্ণ ৰূপে সাজু কঠিন পৰিশ্ৰমৰ বাবে লগতে নিজৰ তেজ, ঘাম আৰু অশ্ৰু নিগৰাবলৈ । যদি দল নিৰ্বাচকে তেওঁলোকৰ বাৰ্তা সমূহলৈ ভালদৰে যোগাযোগ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে, বহু এনে ক্ৰিকেটাৰ আছে যিয়ে অৱসৰ ঘোষণা কৰাৰ পাচত পুনৰ দেশৰ বাবে সেৱা আগবঢ়াইছে । ইয়াৰ ভিতৰত অন্যতম হৈছে দক্ষিণ আফ্ৰিকাৰ ইমৰাণ তাহিৰ, ইংলেণ্ডৰ কেভিন পিটাৰচেন । এই চিন্তাধাৰাৰেই পুনৰ পাঠানে দেশৰ বাবে খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে । সুৰেশ ৰাইনাৰ সৈতে হোৱা ইনষ্টাগ্ৰাম চেটত এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

ইৰফান পাঠান

এই বাৰ্তালাপত বয়স সন্দৰ্ভতো ভাৰতত কি চিন্তাধাৰা তাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাঠানে । অন্য দেশত দৃশ্যপট বেলেগ বুলি কয় পাঠানে । পাঠানে উদাহৰণ দি কয়, অষ্ট্ৰেলিয়াৰ মাইকেল হাচীয়ে ২৯ বছৰ বয়সত ক্ৰিকেটত পদাৰ্পণ কৰিছিল । পিচত তেওঁক মিষ্টাৰ ক্ৰিকেট হিচাপে অভিহিত কৰা হয় । কিন্তু ভাৰতত ৩০ বছৰ বয়সত বৃদ্ধ বুলি গণ্য় কৰা হয় । যেতিয়ালৈ সুস্থ, ফিট থাকে খেলুৱৈক সুযোগ দিব লাগে বুলি উল্লেখ কৰে পাঠানে ।

দলৰ নিৰ্বাচক মণ্ডলীৰ পৰা যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ । অৱসৰ ঘোষণা কৰা পিচত যদি নিৰ্বাচক মণ্ডলীয়ে এবছৰে নিজকে ভাৰতীয় দলত নিৰ্বাচনৰ বাবে সাজু কৰিবলৈ কয়, তেন্তে তেতিয়া মই সকলো এৰি মোৰ আত্মা, হৃদয় কেৱল কঠিন পৰিশ্ৰমত নিয়োজিত কৰিম । কিন্তু কোনে সেই যোগাযোগ কৰিব বুলি কয় পাঠানে । ৰাইনাও এই সন্দৰ্ভত সন্মতি জনায় । ৰাইনাও বৰ্তমান ভাৰতীয় দলত প্ৰত্যাৱৰ্তনৰ বাবে যুঁজি থাকিবলগীয়া হৈছে ।

২০০৩ চনত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অভিষেক ঘটা পাঠানৰ টেষ্ট ক্ৰিকেটৰ অৱসান ঘটিছিল ২০০৮ চনত । ভাৰতৰ হৈ পাঠানে ২৯ খন টেষ্টত ১০০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । নিজৰ কেৰিয়াৰৰ প্ৰথমখন টেষ্টতেই পাকিস্তানৰ বিৰুদ্ধে ২০০৬ চনত হেট-ট্ৰিক অৰ্জন কৰাৰো অভিলেখ আছে পাঠানৰ নামত । টেষ্ট ক্ৰিকেটত পাঠানৰ নামত আছে ১১০৫ ৰান । আনহাতে এদিনীয়া ক্ৰিকেটত পাঠানে ১২০ খন মেচ ১৭৩ টা উইকেট আৰু ১৫৪৪ ৰান কৰিবলৈ সক্ষম হৈছে । ২০০৪ চনত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটনা পাঠানে অন্তিমখন মেচ খেলিছিল ২০১২ চনত । ইপিনে টি-২০ ত তেওঁৰ নামত আছে ২৮ টা উইকেট ।

ABOUT THE AUTHOR

...view details