স্পৰ্টছ ডেস্ক, 10 জুন : প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ ইৰফান পাঠানে মঙলবাৰে মন্তব্য কৰে যে, বৰ্ণবৈষম্য কেৱল চালৰ ৰঙতে সীমাবদ্ধ নাথাকে ৷ সুকীয়া ধৰ্মত বিশ্বাসী বাবেই সুকীয়া ব্যৱহাৰ কৰাটোও বৰ্ণবৈষম্যৰ অংশ ৷ টুইটাৰৰ জৰিয়তে এই মন্তব্য কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে ৷
পাঠানে কয়, "বৰ্ণবৈষম্য কেৱল চালৰ ৰঙতে সীমাবদ্ধ নাই ৷ সুকীয়া ধৰ্মত বিশ্বাসী বাবেই কোনো নিৰ্দিষ্ট সমাজত ঘৰ ক্ৰয় কৰাত বাধা আৰোপ কৰাটোও বৰ্ণবৈষম্যৰ অন্তৰ্গত ৷"
ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ ডাৰেন ছাম্মীয়ে 2014 চনত তেওঁৰ বিৰুদ্ধে আইপিএলত বৰ্ণবৈষম্যৰ অভিযোগ উত্থাপন কৰাৰ পাচতে ক্ৰিকেট জগতত বৰ্ণবৈষম্য সম্পৰ্কত এক বিবাদৰ সূচনা হৈছিল ৷ শনিবাৰে ছাম্মীয়ে 'Kalu' শব্দৰ অৰ্থ বুজি পোৱাৰ পাচতে ক্ৰোধাম্বিত হৈ পৰিছিল ৷ ছানৰাইজাৰ্ছ হাইদৰাবাদৰ হৈ আইপিএলত অংশগ্ৰহণৰ সময়তে এনেদৰে তেওঁৰ বিৰুদ্ধে মন্তব্য কৰা হৈছিল বুলি ডাৰেন ছাম্মীয়ে অভিযোগ উত্থাপন কৰিছিল ৷