অসম

assam

By

Published : Mar 11, 2020, 6:30 AM IST

ETV Bharat / sports

ইণ্ডিয়া লিজেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকা লিজেণ্ড

শ্ৰীলংকা লেজেণ্ডৰ বিৰুদ্ধে 5 উইকেট জয় লাভ ইণ্ডিয়া লেজেণ্ডৰ ৷ একেৰাহে দ্বিতীয়খন মেচত জয় লাভ শচীন নেতৃত্বাধীন ইণ্ডিয়া লেজেণ্ডৰ ৷

Road Safety World Series 2020,irfan pathan blitz powers india legends to victory over sri lanka legends
ইণ্ডিয়া লিজেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকা লিজেণ্ড

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ: ইণ্ডিয়া লিজেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকা লিজেণ্ড ৷ পথ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে আয়োজন কৰা টুৰ্ণামেণ্টত একেৰাহে দ্বিতীয়টো জয় লাভ ইণ্ডিয়া লিজেণ্ডৰ ৷ শ্ৰীলংকা লিজেণ্ডৰ বিৰুদ্ধে 5 উইকেট জয় লাভ ইণ্ডিয়া লিজেণ্ডৰ ৷ ইৰফান পাঠানৰ অপৰাজিত 57 ৰানৰ বিনিময়তে 18.4 অভাৰত 139 ৰান লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় ইণ্ডিয়া লিজেণ্ডে ৷

ইণ্ডিয়া লেজেণ্ড

মেচখনত ইণ্ডিয়া লিজেণ্ডে টছত জয় লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰথমে বেটিং কৰিবলৈ আহি শ্ৰীলংকা লিজেণ্ড দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 138 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ তিলকৰত্ন দিলচান আৰু ৰমেশ কালুবিতাৰণাই দলটোক সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হয় ৷ প্ৰথম উইকেটৰ বাবে দুয়োয়ে 46 ৰানৰ সহযোগিতা আগবঢ়ায় ৷ দিলচান 23 ৰান কৰাৰ বিপৰীতে কালুবিতাৰণাই 21 ৰান কৰে ৷

এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ভাৰতীয় দলটো বিপৰ্যয়ৰ সন্মুখীন হয় আৰু দলটোৱে কেৱল 19 ৰানত 3 টা উইকেট হেৰুৱায় ৷ ছেহৱাগ 3 ৰান কৰাৰ বিপৰীতে শচীন তেণ্ডুলকাৰ শূণ্য আৰু যুৱৰাজ সিং 1 ৰান কৰি পেভিলিয়নলৈ উভতে ৷ পিছত মহম্মদ কেঈফ আৰু ইৰফান পাঠানে ভাৰত জয় সুনিশ্চিত কৰে ৷ পাঠানে অপৰাজিত 37 বলত 57 ৰান কৰাৰ বিপৰীতে কেঈফে 46 ৰান কৰে ৷

Road Safety World Series 2020

উল্লেখ্য যে, ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জনসাধাৰণৰ মাজত পথ সুৰক্ষা বৃদ্ধি কৰাৰ বাবেই আয়োজন কৰা হৈছে এই ‘Road Safety World Series 2020’ক্ৰিকেট প্ৰতিযোগিতা ৷ য’ত বহু নামি-দামী ক্ৰিকেট তাৰকাই অংশগ্ৰহণ কৰিছে ৷ ইয়াৰ ভিতৰতে আছে শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেহৱাগ, যুৱৰাজ সিং, জাহিৰ খান, ব্ৰায়ন লাৰা, শিৱনাৰায়ন চন্দ্ৰপলকে ধৰি অষ্ট্ৰলিয়া, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকাৰ বহু প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ৷

লগতে চাওক- অলিম্পিক কোৱালিফায়াৰ্ছ: ছেমিফাইনেলত থমকিল লাভলীনা, পংঘাল

ABOUT THE AUTHOR

...view details