স্পৰ্টছ ডেস্ক, 28 জুলাই : বীৰেন্দৰ ছেহৱাগে ভাৰতীয় ক্ৰিকেট দলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচৰ পৰা বিশেষকৈ টেষ্ট দলত তেওঁৰ স্থান কোনো খেলুৱৈয়ে পূৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু,ইৰফান পাঠানে ভাৱে যে,ভাৰতীয় দলত ছেহৱাগৰ দৰে এজন বেটছমেনৰ বাবে অপেক্ষাৰ অন্ত পৰিছে ৷
পাঠানে বিশ্বাস কৰে যে,বৰ্তমানৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই বীৰেন্দৰ ছেহৱাগৰ টেষ্ট অপেনাৰৰ অভাৱ পূৰ কৰিবলৈ সক্ষম হ'ব ৷
মধ্যক্ৰমৰ বেটছমেন হিচাপে 2013 চনত টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ ঘটোৱা ৰোহিত শৰ্মাক যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত প্ৰথমবাৰৰ বাবে অপেনাৰ হিচাপে সুযোগ প্ৰদান কৰা হৈছিল ৷ আনহাতে,সীমিত অ'ভাৰতো অপেনাৰ হিচাপে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ দুৰ্দান্ত বেটছমেন গৰাকীয়ে ৷
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যোৱা বছৰ অনুষ্ঠিত হোৱা তিনিখনীয়া টেষ্ট মেচত ৰোহিতে 529 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে,অপেনাৰ হিচাপে অভিষেক মেচতে দুটাকৈ শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেন হিচাপেও পৰিগণিত হৈছিল ৰোহিত শৰ্মা ৷