স্পৰ্টছ ডেস্ক,২৯ এপ্ৰিলঃ আই পি এলৰ ৪৮ সংখ্যক মেচত আজি মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কিংছ ইলেভেন পাঞ্জাৱ । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ'ব খেলখন ।
আই পি এলত আজি হায়দৰাবাদ বনাম পাঞ্জাৱৰ যুঁজ
প্লে' অফত স্থান লাভৰ আশা সজীৱ কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব দুয়োটা দল ৷ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ'ব খেলখন ।
আই পি এলত আজি হাইদৰাবাদ বনাম পাঞ্জাৱৰ যুঁজ
বৰ্তমানলৈ সমসংখ্যক ১০ পইন্ট লাভ কৰিছে দুয়োটা দলে । তেনেস্থলত প্লে অফ'ত স্থান লাভ কৰিবলৈ হ'লে দুয়োটা দলৰ বাবেই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে । অপেনাৰদ্বয় ডেভিদ ৱাৰ্ণাৰ আৰু জনি ৱেষ্ট্ৰ হৈছে হায়দৰাবাদ দলৰ প্ৰধান শক্তি । চলিত সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী খেলুৱৈৰ তালিকাৰ ৬১১ ৰাণেৰে শীৰ্ষত আছে ডেভিদ ৱাৰ্ণাৰ ৷ আনহাতে, পাঞ্জাৱ দলৰ মূলশক্তি হৈছে বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল,কে এল ৰাহুল আৰু অধিনায়ক ৰবীচন্দ্ৰন অশ্বিন ৷