অসম

assam

ETV Bharat / sports

আইপিলৰ পৰা আঁতৰিব নেকি চাইনীজ কোম্পানীৰ স্পন্সৰশ্বিপ ! - ভিভ'ৰ পৰা বছৰি বিচিচিআইয়ে লাভ কৰে 440 কোটি টকা

ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট লীগ আইপিএলৰ স্পন্সৰশ্বিপৰ হিচাপে চুক্তিবদ্ধ হৈ আছে চাইনীজ ম'বাইল কোম্পানী ভিভ' । ইয়াৰ বাবদ প্ৰতি বছৰে বিচিচিআইয়ে লাভ কৰিছে 440 কোটি টকা । এই তথ্য় আমাৰ নহয়, স্বয়ং বিচিচিআইৰ পৰা কোৱা হৈছে এই কথা । আইপিএলত পাঁচবছৰৰ বাবে অৰ্থাৎ 2022 চনলৈ চুক্তিবদ্ধ হৈ আছে ভিভ'ৰ স্পন্সৰশ্বিপ ।

IPL GC to review sponsorship deals in aftermath of border clash with China
IPL GC to review sponsorship deals in aftermath of border clash with China

By

Published : Jun 20, 2020, 2:13 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ জনপ্ৰিয় ক্ৰিকেট লীগ আইপিএলৰ পৰা আঁতৰিব নেকি চাইনীজ ম'বাইল কোম্পানী ভিভ'ৰ স্পন্সৰশ্বিপ । বৰ্তমান সময়ত ই হৈছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন । পূব লাডাখত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পাচতেই ভাৰতত জোঁৰদাৰ হৈছে চীনা সামগ্ৰী বৰ্জনৰ প্ৰচাৰ অভিযান । ইয়াৰ পাচতেই আইপিএলৰ স্পন্সৰশ্বিপক লৈও বহুতে প্ৰশ্ন কৰি চাইনীজ কোম্পানীৰ স্পন্সৰশ্বিপ বৰ্জন কৰাৰ কথা উল্লেখ কৰিছে ।

ভাৰতীয় অলিম্পিক সংস্থা

প্ৰথম অৱস্থাত বিচিচিআইৰ পৰা এই সম্পৰ্কত স্পন্সৰশ্বিপৰ ফলত ভাৰতৰ হে মুনাফা হৈ আছে আৰু চীনৰ সলনি ভাৰতলৈ হে টকা আহিছে বুলি যুক্তি দৰ্শাই বিচিচিআইয়ে বছৰি 440 কোটি টকা লাভ কৰা বুলি বিচিচিআইৰ এজন বিষয়াই মন্তব্য প্ৰকাশ কৰিছিল । বিচিচিআইৰ সৈতে ভিভ' চাইনীজ ম'বাইল কোম্পানীটোৰ সৈতে স্পন্সৰশ্বিপৰ চুক্তি আছে পাঁচ বছৰ অৰ্থাৎ 2022 চনলৈ ।

আইপিলৰ পৰা আঁতৰিব নেকি চাইনীজ কোম্পানীৰ স্পন্সৰশ্বিপ !

কিন্তু শেহতীয়াকৈ এক টুইট যোগে বিচিচিআইয়ে দেশৰ বাবে প্ৰাণ বলিদান দিয়া জোৱানৰ পৰিণাম স্বৰূপে আইপিএলৰ স্পন্সৰশ্বিপ চুক্তি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ আইপিএল পৰিচালনা কমিটিৰে আগন্তুক সপ্তাহত এটি সভাৰ আহ্বান কৰিছে । ইয়াৰ পাচতেই ছ'চিয়েল মিডিয়াত চাইনীজ কোম্পানীৰ স্পন্সৰশ্বিপ বৰ্জন কৰা হ'ব পাৰে বুলি অনুমান কৰা হৈছে ।

ইপিনে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় অলিম্পিক সংস্থাৰ কোষাধ্যক্ষ আনন্দেশ্বৰ পাণ্ডেও চীনৰ স্পন্সাৰ বিষয়টোৰ সন্দৰ্ভত এক কাৰ্যবাহী কমিটিৰ বৈঠক আয়োজনৰ কথা উল্লেখ কৰিছিল ।

গালৱান উপত্য়কাত চীনৰ সৈনিকৰ সৈতে সৃষ্টি হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সেনাৰ 20 জনকৈ সৈনিক শ্বহীদ হোৱা ঘটনাৰ পাচতেই দেশত চীনা সামগ্ৰী বৰ্জনৰ প্ৰচাৰৰ লগতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ।

এতিয়া এই সন্দৰ্ভত সৌৰভ গাংগুলী নেতৃত্বাধীন বিচিচিআইয়ে আগন্তুক সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হে লক্ষ্যণীয় হ'ব । অৱশ্য়ে ভাৰত চৰকাৰৰ পৰা চুক্তি ভংগ কৰাৰ যদি পৰামৰ্শ আহে তেন্তে বিচিচিআইয়ে তাৎক্ষণিক ভাৱেই চুক্তি ভংগ কৰিবলৈ প্ৰস্তুত থকা বুলি জানিবলৈ পৰা গৈছে ।

ABOUT THE AUTHOR

...view details