স্পৰ্টছ ডেস্ক, 4 আগষ্ট :চীনৰ মোবাইল নিৰ্মাণকাৰী সংস্থা Vivo ৰ সৈতে আইপিএলৰ স্পনছৰশ্বিপ কৰ্তন নকৰা বাবে বিচিচিআইক সমালোচনা কৰিছে সৰ্বভাৰতীয় ব্যৱসায়িক সন্থাই (CAIT) ৷
গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰি সন্থাটোৱে বিচিচিআইক এই ইভেন্ট আয়োজন কৰিবলৈ অনুমতি নিদিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ উল্লেখ্য যে, 19 ছেপ্টেম্বৰৰ পৰা 10 নৱেম্বৰ পৰ্যন্ত অনুষ্ঠিত হ'ব আইপিএল ৷
CAIT ৰ ৰাষ্ট্ৰীয় সাধাৰণ সচিবে এখন পত্ৰৰ জৰিয়তে কয়, "ডুবাইত অনুষ্ঠিত হ'বলগা আইপিএলৰ বাবে বিচিচিআইয়ে Vivo ৰ স্পনছৰশ্বিপ কৰ্তন কৰা নাই ৷"