অসম

assam

By

Published : Sep 21, 2020, 12:29 PM IST

Updated : Sep 21, 2020, 12:52 PM IST

ETV Bharat / sports

আজি আইপিএলত কোহলিৰ সন্মুখত ৱাৰ্ণাৰ

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰে মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হ’ব মেচখন ৷

ipl 2020 srh vs rcb match preview
আজি আইপিএলত কোহলিৰ সন্মুখনত ৱাৰ্ণাৰ

স্পৰ্টছ ডেস্ক, 21 ছেপ্তেম্বৰ : আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত সোমবাৰে তৃতীয়খন মেচত বিৰাট কোহলিৰ সন্মুখ সমৰত নামিব ডেভিদ ৱাৰ্ণাৰ ৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হ’ব এই উত্তেজনাপূৰ্ণ মেচখন ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

দুয়োটা দলে বৰ্তমানলৈকে আইপিএলৰ ইতিহাসত 15 খন মেচত মুখামুখি হৈছে য’ত 8 খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে আৰু 6 খন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলটোৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ যোৱা আইপিএল বৰ্ষত দুয়োটা দলে দুখনকৈ মেচত মুখামুখি হৈছে য’ত এখন মেচত বেংগালুৰ আৰু এখন মেচত হায়দৰাবাদে জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

বিৰাট কোহলি

উল্লেখ্য যে, 2016 চনত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেম্পিয়নৰ খিতাপ দখল কৰাৰ বিপৰীতে আইপিএলৰ ইতিহাসত এই পৰ্যন্ত খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলটোৱে ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে 2016 চনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰকেই পৰাস্ত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

আনহাতে বহু অপেক্ষাৰ অন্তত ৰান মেচিন খ্যাত বিৰাট কোহলিক পুনৰ খেলপথাৰত চাবলৈ এতিয়া আগ্ৰহী হৈ আছে বহু ক্ৰীড়া অনুৰাগী ৷ কোহলিৰ নামতেই বৰ্তমানে খোদিত হৈ আছে আইপিএলত সৰ্বাধিক ৰান কৰাৰ অভিলেখ ৷ কোহলিৰ নামত বৰ্তমানে আছে 5412 ৰান ৷ আনহাতে কোহলিৰ নামতেই আছে এটা ছীজনত সৰ্বাধিক ৰান কৰা কৃতিত্ব ৷ 2016 সংস্কৰণৰ আইপিএলত 973 ৰান কৰিবলৈ সক্ষম হৈছিল বিৰাট কোহলিয়ে ৷ যি অভিলেখ আজিও বৰ্তি আছে ৷ গতিকে ক্ৰীড়াপ্ৰেমী ৰাইজে সোমবাৰে অৰ্থাৎ আজি এক উত্তেজনাপূৰ্ণ মেচ উপভোগ কৰিবলৈ সক্ষম হ’ব সেইয়া প্ৰায় নিশ্চিত ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সদস্য :ডেভিদ ৱাৰ্ণাৰ, কেন উইলিয়ামছন, মনীষ পাণ্ডে, বিৰাট সিং, প্ৰিয়ম গাৰ্গ, আব্দুল ছমদ, অভিষেক শৰ্মা, মিটচেল মাৰ্ছ, ফেবিয়ন এলন, বিজয় শংকৰ, মহম্মদ নৱী, ৰাছিদ খান, সঞ্জয় যাদৱ, ভূৱনেশ্বৰ কুমাৰ, খলীল আহমদ, সন্দীৰ শৰ্মা, বিলী ষ্টেনলেক, টী নটৰাজন, শাহবাদ নদীম, জনী বেয়াৰেষ্ট’,ঋদ্ধিমান সাহা, শ্ৰীবাস্তছ গোস্বামী ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ সদস্য : বিৰাট কোহলি, মইন আলী, যুজৱেন্দ্ৰ চহল, পৱন দেশপাণ্ডে, এবি ডিভিলিয়াৰ্ছ, শিৱম ডুৱে, এৰণ ফিন্স, গুৰকীৰত সিং মান, মহম্মদ ছিৰাজ, ক্ৰীছ মৰিছ, পৱন নেগী, দেৱদত্ত পডীক্কল, পাৰ্থিৱ পটেল, জ’ছ ফিলিপ, শ্বাহৱাজ আহমদ, নৱদীপ চেইনী, ডেল ষ্টেইন, ইছুৰু উডানা, ৱাশ্বিংটন সুন্দৰ, উমেশ যাদৱ, এডাম জাম্পা ৷

লগতে চাওক-আই পি এল 2020 ৰ দ্বিতীয় মেচত দিল্লীৰ জয় লাভ

Last Updated : Sep 21, 2020, 12:52 PM IST

ABOUT THE AUTHOR

...view details