স্পৰ্টছ ডেস্ক, ২ মে': ইষ্টাগ্ৰাম লাইভ চেটত ২০১৮ বৰ্ষৰ আইপিএলক জীৱন সলনি কৰা সংস্কৰণ বুলি ক'লে স্বয়ং ভাৰতীয় দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে । ২০১৮ বৰ্ষৰ আইপিএলত দিল্লী কেপিটলেছৰ হৈ পৰ্দাপণ কৰিছিল যুৱ খেলুৱৈ ঋষভ পন্তে । এই সংস্কৰণতেই দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ৰিকী পন্টিঙে নিজৰ স্বভাৱিক খেল-খেলাৰ পূৰ্ণ স্বাধীনতা দিছিল বুলি উল্লেখ কৰে পন্তে ।
পন্তে ইষ্টাগ্ৰাম লাইভত নিজৰ দলৰ সৈতে হোৱা বাৰ্তালাপত ২০১৮ বৰ্ষৰ আইপিএলয়ে জীৱন সলনি কৰা বুলি উল্লেখ কৰে । পন্তে কয়, পণ্টিঙে মোক নিজৰ মতে খেলিবলৈ পূৰ্ণ স্বাধীনতা দিছিল । তেওঁ কৈছিল যেনেকৈ ইচ্ছা, তেনেকৈ খেলিবলৈ । উল্লেখ্য যে, পন্তে সেই বৰ্ষত ১৪ খন মেচত ৬৫০ ৰান কৰিবলৈ সক্ষম হৈছিল । য'ত আছিল ছয়টা অৰ্ধশতক ।
ইয়াৰ ওপৰি পন্তে কয়, সেই সময়ত তেনে প্ৰদৰ্শনৰ মোৰ বাবে অতিকৈ প্ৰয়োজন আছিল । ২০১৮ বৰ্ষৰ সংস্কৰণ মোৰ জীৱন সলনি কৰা সংস্কৰণ আছিল । আমি নক্ আউটত পৰাজয়বৰণ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিলো ।