অসম

assam

By

Published : May 5, 2019, 4:52 PM IST

ETV Bharat / sports

চেন্নাইৰ বিৰুদ্ধে বলিঙৰ সিদ্ধান্ত পাঞ্জাৱৰ

আই পি এলত দেওবাৰে মুখামুখি হৈছে চেন্নাই চুপাৰ কিংছ বনাম কিংছ ইলেভেন পাঞ্জাৱ । আই পি এলৰ পইণ্টছ টেবুলত চেন্নাই চুপাৰ কিংছ শীৰ্ষ স্থানত থকাৰ বিপৰীতে অন্তিম স্থানত আছে কিংছ ইলেভেন পাঞ্জাৱ ।

চেন্নাই চুপাৰ কিংছ বনাম কিংছ ইলেভেন পাঞ্জাৱ


স্পৰ্টছ ডেস্ক, ৫ মে': আই পি এলৰ ৫৫ সংখ্যক মেচত পাঞ্জাৱৰ মোহালীত দেওবাৰে চেন্নাই চুপাৰ কিংছ বিৰুদ্ধে মুখামুখি হৈছে আশ্বিন নেতৃত্বাধীন কিংছ ইলেভেন পাঞ্জাৱ । আই পি এলৰ পইণ্টছ টেবুলত চেন্নাই চুপাৰ কিংছ শীৰ্ষ স্থানত থকাৰ বিপৰীতে অন্তিম স্থানত আছে কিংছ ইলেভেন পাঞ্জাৱ । অৱশ্যে চেন্নাইৰ বিৰুদ্ধে বৃহৎ জয় আৰু মুম্বাইৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছে পৰাজয়বৰণ কৰিলে প্লে অফত স্থান পোৱাৰ সম্ভাৱনা আছে পাঞ্জাৱৰ ।

লগতে পঢ়কঃ সোণাপুৰৰ নাজিৰাখাটত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ

উল্লেখ্য যে, এই মেচখনত চেন্নাইক ২৫০ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হ'লে হে প্লে অফৰ স্থানৰ আশা সজীৱ হৈ থাকিব পাঞ্জাৱৰ । গতিকে পাঞ্জাৱৰ দৃষ্টিভংগীৰে এই মেচখন হ'ব অগ্নিপৰীক্ষা স্বৰূপ ।

ABOUT THE AUTHOR

...view details