অসম

assam

By

Published : Jun 13, 2020, 1:08 PM IST

ETV Bharat / sports

ভাৰতৰ প্ৰথম শ্ৰেণীৰ প্ৰবীণ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ পৰলোকপ্ৰাপ্তি

26 জানুৱাৰীৰ দিনা ৰাইজিয়ে 100 সংখ্যক জন্মদিন পালন কৰিছিল ৷ তেওঁৰ বাসগৃহত আয়োজন কৰা জন্মদিনত উপস্থিত হৈছিল ষ্টিভ ৱ' আৰু শচীন তেণ্ডুলকাৰ ৷

100 সংখ্যক জন্মদিন
ভাৰতৰ প্ৰবীণ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ পৰলোকপ্ৰাপ্তি

স্পৰ্টছ ডেস্ক, 13 জুন : ভাৰতৰ প্ৰবীণ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ 100 বছৰ বয়সত শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ প্ৰাক্তন সোঁহতীয়া বেটছমেন ৰাইজিয়ে 1940 চনতে নখন প্ৰথম শ্ৰেণীৰ মেচত অংশগ্ৰহণ কৰি 277 ৰাণ সংগ্ৰহ কৰিছিল ৷ তেওঁ বম্বে আৰু বৰোদাৰ হৈ ৰঞ্জী ট্ৰফীত অপেনিং কৰিছিল আৰু 1941 চনত হিন্দুছ দলৰ অতিৰিক্ত খেলুৱৈ হিচাপে দলত স্থান লাভ কৰিছিল ৷ মহাৰাষ্ট্ৰৰ বিৰুদ্ধে 1944-45 চনত তেওঁ সৰ্বশ্ৰেষ্ঠ 68 আৰু 53 ৰাণ সংগ্ৰহ কৰিছিল ৷

ভাৰতৰ প্ৰবীণ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ পৰলোকপ্ৰাপ্তি

ক্ৰিকেট কেৰিয়াৰৰ অন্ত পৰাৰ পাচত ৰাইজিয়ে সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল ৷ ইয়াৰোপৰি তেওঁ এজন চাৰ্টাৰ্ড একাউনটেন্ট আছিল ৷ 2016 চনত বি. কে. গাৰুদাচাৰৰ মৃত্যুৰ পাচত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰা ৰাইজি দেশৰ বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল ৷

এই বছৰৰ 26 জানুৱাৰীৰ দিনা ৰাইজিয়ে 100 সংখ্যক জন্মদিন পালন কৰিছিল ৷ তেওঁৰ বাসগৃহত আয়োজন কৰা জন্মদিনত উপস্থিত হৈছিল ষ্টিভ ৱ' আৰু শচীন তেণ্ডুলকাৰ ৷

আনহাতে, 7 মাৰ্চত জন মেনাৰ্ছৰ মৃত্যুৰ পাচত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰা ৰাইজি সমগ্ৰ বিশ্বৰ জীৱিত ক্ৰিকেটাৰসকলৰ ভিতৰতে বয়োজ্যেষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল ৷

বসন্ত ৰাইজিৰ মৃত্যুত শনিবাৰে বিচিচিআইয়ে শোকপ্ৰকাশ কৰে ৷ এক বিবৃতি বিচিচিআইয়ে কয়, "প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ তথা এগৰাকী ইতিহাসবিদ বসন্ত ৰাইজিৰ মৃত্যুৰ খবৰত আমি শোকপ্ৰকাশ কৰিছো ৷ তেওঁ এই বছৰৰ 26 জানুৱাৰীত 100 বছৰত ভৰি দিছিল ৷"

লগতে পঢ়ক : ফিফা ৰেংকিঙ : বেলজিয়াম প্ৰথম স্থানত থকাৰ বিপৰীতে ভাৰতৰ স্থান 108

ABOUT THE AUTHOR

...view details