স্পৰ্টছ ডেস্ক,5 এপ্ৰিল : দেওবাৰে বিয়লি ভাগত দেহাৱসান ঘটে ভাৰতৰ প্ৰথম ক্ৰিকেট ধাৰাভাষ্যকাৰ হিচাপে পৰিগণিত চন্দ্ৰা নাইডুৰ ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ পাচত 88 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ গৰাকীৰ ৷
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক চি কে নাইডুৰ কন্যা আছিল প্ৰয়াত চন্দ্ৰা নাইডু ৷ চন্দ্ৰাৰ ভাগিনীয়েক বিজয় নাইজুৱে সদৰি কৰা মতে, দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল চন্দ্ৰা ৷ যাৰ ফলস্বৰূপে দেওবাৰে বিয়লি ভাগত মৃত্যক সাৱটি লয় ধাৰাভাষ্যকাৰ গৰাকীয়ে ৷
ইয়াৰ লগতে এক চৰকাৰী বিবৃতিযোগে বিজয়ে নাইডুৰ মৃত্যুৰ কথা অৱগত কৰিছিল ৷ বিবৃতিত জনোৱা অনুসৰি, প্ৰায় 60 বছৰ ধৰি থকা সক্ৰিয় জীৱনত একাধিক সন্মান লাভ কৰিছিল নাইডুৱে । তেওঁ ইন্দোৰৰ স্থানীয় চৰকাৰী স্নাতক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল আৰু হ’লকাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল ৷ তেওঁ ক্ৰিকেট খেলৰ প্ৰতি অধিক আগ্ৰহী আছিল ৷ যাৰ ফলস্বৰূপে এখন আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথম মহিলা ধাৰাভাষ্যকাৰৰ ভূমিকা পালন কৰিছিল । নাইডু এমপিচিএৰ এগৰাকী সক্ৰিয় সদস্যা আছিল আৰু বহু কাৰ্যকলাপতো অংশগ্ৰহণ কৰিছিল ৷