স্পৰ্টছ ডেস্ক, 3 জানুৱাৰীঃ অহা 5 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাৰ প্ৰথমখন মেচত অংশ গ্ৰহণ কৰাৰ বাবে আজি গুৱাহাটীত আহি উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ বহু খেলুৱৈ ৷ বৰ্তমান লৈকে গুৱাহাটীত আহি উপস্থিত হৈছে জছপ্ৰীত বোমৰাহ, মনিষ পাণ্ডে, শিৱম ডুবে, সঞ্জু ছেমচন, ঋষভ পন্ত, যুজবেন্দ্ৰ চাহাল, কুলদ্বীপ যাদৱ, ৱাছিংটন সুন্দৰআৰুশ্ৰেয়াছ আয়াৰ ৷ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজৰে খেলুৱৈসকলক পঞ্চতাৰকাযুক্ত হোটেল ৰেডিশ্বন ব্লু'লৈ লৈ যোৱা হয় । ইয়াৰ বিপৰীতে সন্ধিয়াৰ ভাগত আহি পাবহি অধিনায়ক বিৰাট কোহলি, শিখৰ ধাৱন, ৰবিন্দ্ৰ জাডেজাকে ধৰি অন্য খেলুৱৈসকল । শুকুৰবাৰে পুৱাৰে পৰা ভাগে ভাগে আহি আছে ভাৰতীয় দলৰ খেলুৱৈসকল ।
পোন প্ৰথমে ৱাছিংটন সুন্দৰ, জছপ্ৰীত বোমৰাহ আৰু সঞ্জু ছেমচনৰ লগতে দলৰ 4 সদস্য গুৱাহাটীত আহাৰ পাচত মনিষ পাণ্ডে, শ্ৰেয়াছ আয়াৰ শিৱম ডুবেকে ধৰি দলৰ আন 6 গৰাকী সদস্য উপস্থিত হৈছিল ৷ শেহতীয়াকৈ গুৱাহাটীত আহি উপস্থিত হৈছে ঋষভ পন্ত, যুজবেন্দ্ৰ চাহাল, কুলদ্বীপ যাদৱ ৷ ইফালে শুকুৰবাৰে পুৱাৰ ভাগত বৰ্ষাপাৰা ষ্টেডিয়ামত শ্ৰীলংকাৰ দলেটো অনুশীলন কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হৈছে ।