অসম

assam

ETV Bharat / sports

জন্মদিন বিশেষ : বিৰাট কোহলীৰ দহটা ‘বিৰাট’ ৰেকৰ্ড - ৰেকৰ্ড

আজি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ 32 সংখ্য়ক জন্মদিন ৷ জন্মদিন উপলক্ষে কোহলীয়ে গঢ়া ৰেকৰ্ড সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন...

Virat Kohli
বিৰাট কোহলী

By

Published : Nov 5, 2020, 5:04 PM IST

স্প’ৰ্টছ ডেস্ক,5 নৱেম্বৰ :আজি 32 বছৰ বয়সত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ 1988 চনৰ আজিৰ দিনটোতেই দিল্লীত জন্মগ্ৰহণ কৰা বিৰাট কোহলীয়ে বিশ্বৰ আক্ৰমণাত্মক বেটছমেনসকলৰ তালিকাত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ টেষ্ট,এদিনীয়া শৃংখলা আৰু টি-20 তিনিওটা ফৰ্মতে তেওঁৰ অৱদান উল্লেখনীয় ৷

বিৰাট কোহলী

তিনিওটা ফৰ্মতেই বিৰাটে ভাল ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈ কোহলীয়ে 86 খন টেষ্ট মেচত 53.62 ষ্ট্ৰাইক ৰেটেৰে 7,240 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰোপৰি 248 খন এদিনীয়া শৃংখলাত 59.33 ষ্ট্ৰাইক ৰেটৰ জৰিয়তে 11,867 ৰাণ আৰু 82 খন টি-20ত 50.80 ষ্ট্ৰাইক ৰেটেৰে 2,794 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

বিৰাট কোহলী

বিৰাট কোহলীৰ দহটা ‘বিৰাট’ ৰেকৰ্ড-

1. এদিনীয় শৃংখলাত কোহলীৰ তীব্ৰগতিত 175 খন মেচত 8,000 ৰাণ,194 খন মেচত 9,000 ৰাণ,205 খন মেচত 10,000 ৰাণ আৰু 222 খন মেচত 11,000 ৰাণ সংগ্ৰহ ৷

2. এদিনীয় শৃংখলাত 7 বাৰ 300তকৈ অধিক ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড ৷

3. এদিনীয়া শৃংখলাত 26 টা শতক অৰ্জন ৷

4. প্ৰথম তিনিখন টেষ্ট মেচত শতক অৰ্জন কৰা কোহলী প্ৰথম গৰাকী কেপ্তেইন হিচাপে ৰেকৰ্ড ৷

5. টেষ্ট মেচত ক্ৰমানুসাৰে চাৰিটা চিৰিজত চাৰিটা দ্বি শতক অৰ্জন কৰা একমাত্ৰ কেপ্তেইন কোহলী ৷

6. আন্তঃৰাষ্ট্ৰীয় টি-20ত এবছৰ সময়তে 600 ৰাণ অৰ্জন কৰা প্ৰথম গৰাকী ক্ৰিকেটাৰ ৷

7. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেপ্তেইন হিচাপে তীব্ৰবেগত 137 খন মেচ খেলি 8,000 ৰাণ সংগ্ৰহ কোহলীৰ ৷

8. শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত তিনিটা শতক গঢ়া বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ ৷

9. টেষ্ট মেচত কেপ্তেইন হিচাপে 7 বাৰ 200তকৈও অধিক ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড গঢ়িছে কোহলীয়ে ৷

10. বিৰাট কোহলী একমাত্ৰ বেটছমেন,যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 50 ষ্ট্ৰাইক ৰেটেৰে 20,000তকৈও অধিক ৰাণ সংগ্ৰহ কৰে ৷

অধিনায়ক কোহলীৰ জন্মদিনৰ এই শুভক্ষণত চ’ছিয়েল মিডিয়াযোগে বহু খেলুৱৈৰ লগতে অনেক গুণমুগ্ধই কোহলীলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও বিৰাট কোহলীলৈ জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক :মহিলা টি-20 চেলেঞ্জ : ভেল'চিটীৰ সন্মুখত 127 ৰাণৰ লক্ষ্য ছুপাৰন'ভাছৰ

ABOUT THE AUTHOR

...view details