অসম

assam

By

Published : Mar 11, 2020, 4:36 AM IST

ETV Bharat / sports

দক্ষিণ আফ্ৰিকা শৃংখলা পূৰ্বে ভাৰতীয় দলৰ কঠিন পৰিশ্ৰম !

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৷ যাৰ বাবে ইতিমধ্য ধৰ্মশালা ষ্টেডিয়ামত অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল ৷ অৱশ্য বহু কেইজন খেলুৱৈ অনুপস্থিত অনুশীলন শিৱিৰত ৷

indian cricket team started practice session for dharmshala
দক্ষিণ আফ্ৰিকা শৃংখলা পূৰ্বে ভাৰতীয় দলৰ কঠিন পৰিশ্ৰম !

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ:অহা 12 মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শংখলাৰ প্ৰথমখন মেচত মুখামুখি হ’ব ভাৰত ৷ হিমাচল প্ৰদেশৰ ধৰ্মশালা ষ্টেডিয়ামত প্ৰথমখন এদিনীয়াত অৱতীৰ্ণ হ’ব বিৰাট বাহিনী ৷ ইতিমধ্যে ভাৰতীয় দলৰ বহু কেইজন খেলুৱৈয়ে ধৰ্মশালাত উপস্থিত হৈ আৰম্ভ কৰিছে অনুশীলন ৷ অধিনায়ক বিৰাট কোহলিয়ে জছপ্ৰীত বোমৰাহৰ বলত অনুশীলন কৰাৰ বিপৰীতে আঘাতৰ বাবে বহু দিন ধৰি খেলপথাৰৰ পৰা আঁতৰত থকা শিখৰ ধৱনো নেটত কঠোৰ পৰিশ্ৰম কৰা পৰলক্ষিত হয় ৷

অৱশ্যে এই অনুশীলনত দেখা পোৱা নাযায় দুৰ্বল ফৰ্মেৰে জৰ্জৰিত হৈ থকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্তক ৷ ঋষভৰ লগতে যুৱ খেলুৱৈ পৃথ্বী শ্ব’, অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাডেজাকো দেখা পোৱা নাযায় অনুশীলনত ৷ এই শৃংখলাৰ বাবে ভাৰতীয় দলটোত আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰ হৈ থকা হাৰ্দিক পাণ্ডিয়াৰো প্ৰত্যাৱৰ্তন ঘটিছে ৷ আনহাতে এই শৃংখলাটো বিশ্ৰাম দিয়া হৈছে হিটমেন নামে খ্যাত ৰোহিত শৰ্মাক ৷ ভাৰতৰ লগতে দক্ষিণ আফ্ৰিকাৰ দলটোও মঙলবাৰে ধৰ্মশালা ষ্টেডিয়ামত আহি উপস্থিত হৈছে ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা এদিনীয়া শৃংখলা

এই শৃংখলাৰ দ্বিতীয়খন মেচ 15 মাৰ্চত লক্ষ্ণৌত আৰু তৃতীয়খন মেচ 18 মাৰ্চত কলকাতাত অনুষ্ঠিত হ’ব ৷

লগতে চাওক- টীম ইণ্ডিয়াৰে কৰমৰ্দন নকৰে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে

ABOUT THE AUTHOR

...view details