স্পৰ্টছ ডেস্ক, 25 জুলাইঃ ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীত বৃহৎ সাল-সলনিৰ সম্ভাৱনা ৷ ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ পাচতেই ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীত দেখা পোৱা নাযাব চীনৰ ম’বাইল কোম্পানী অ’প্প’ৰ প্ৰতীক ৷ নতুন স্পনছৰ ৰূপে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে সংযোজিত হ’ব অনলাইন প্ৰশিক্ষণ এপ ৱাইজুছ (BYJU's) ৷ ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পাচতেই ভাৰতীয় জাৰ্ছীত দেখা পোৱা যাব ৱাইজুছৰ প্ৰতীক ৷ 3 আগষ্টৰ পৰা 2 ছেপ্তেম্বৰলৈ চলিব ভাৰত-ৱেষ্ট ইণ্ডিজৰ শৃংখলা ৷
ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীৰ পৰা আঁতৰিব OPPO ৰ প্ৰতীক
ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীত সাল-সলনিৰ সম্ভাৱনা ৷ ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ পাচতেই ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীত দেখা পোৱা নাযাব চীনৰ ম’বাইল কোম্পানী অ’প্প’ৰ প্ৰতীক ৷
উল্লেখ্য যে, 2017 চনত ভাৰতীয় ক্ৰিকেট দলৰ সৈতে 2022 চনলৈ 1,079 কোটি টকাৰ বাবদ পাঁচ বছৰৰ বাবে স্পনছৰশ্বিপৰ চুক্তি লাভ কৰিছিল অ’প্প’ই ৷ কিন্তু জানিব পৰা মতে অত্যাধিক টকা বহন কৰিবলগীয়া হোৱাতে অ’প্প’ই এতিয়া আধাতে এই চুক্তি ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
অ’প্প’ই বৰ্তমান লৈকে প্ৰত্যেকটো দ্বিপাক্ষীক শৃংখলাৰ বাবে বিচিচিআইক 4.61 কোটি টকা আদায় দিয়াৰ লগতে আই চি চি ইভেন্টত 1.56 কোটি টকা আদায় দি আহিছে ৷ ইয়াৰ পূৰ্বে ষ্টাৰ ইণ্ডিয়াই দ্বিপাক্ষীক মেচত 1.92 কোটি আৰু আই চি চি ইভেন্টত 61 লাখ টকা আদায় দিছিল ৷