অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল - দিবা-নৈশ টেষ্ট

দুমহীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল ৷ বিমানবন্দৰৰ পৰা প্ৰস্থান কৰাৰ পূৰ্বে বিচিচিআইৰ টুইট ৷ চিডনীত অৱতৰণ কৰাৰ পাছত 14 দিনৰ বাবে দলটো প্ৰশিক্ষণৰত অৱস্থাত কোৱাৰেন্টাইনত থাকিব ৷

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল

By

Published : Nov 12, 2020, 10:19 AM IST

ডুবাই, 12 নৱেম্বৰ: দুবছৰ আগতে জয় লাভ কৰা ঐতিহাসিক টেষ্ট শৃংখলা নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি দুমহীয়া ভ্ৰমণসূচীৰে বুধবাৰে অষ্ট্ৰেলিয়ালৈ বুলি ৰাওনা হয় ভাৰতীয় ক্ৰিকেট দল ৷ বিমানবন্দৰৰ পৰা প্ৰস্থান কৰাৰ পূৰ্বে বিচিচিআইয়ে ক'ভিড-19 অতিমাৰীৰ বাবে পিপিই কিট পৰিধান কৰা ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ সকলৰ ফটো টুইটাৰ যোগে শ্বেয়াৰ কৰে ৷ টুইটাৰ প'ষ্টত কেপচনত বিচিচিআইয়ে এইবুলি লিখে, '#TeamIndia is BACK! Let's embrace the new normal,'

পিপিই কিট পৰিধান কৰি অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল

উল্লেখ্য যে ইণ্ডিয়া স্কোৱাডৰ গৰিষ্ঠসংখ্যক সদস্যই আইপিএলত প্ৰতিদ্বন্দীতা কৰি আছিল আৰু নিজ নিজ দলৰ অভিযান শেষ হোৱাৰ পাছতেই তেওঁলোকে নতুন অভিযানলৈ বুলি ৰাওনা হৈছে ৷

চিডনীত অৱতৰণ কৰি 14 দিনৰ বাবে কোৱৰেন্টাইনত থাকিব ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল

ভাৰতীয় দলটোৱে চিডনীত অৱতৰণ কৰাৰ পাছত আৰু 14 দিনৰ বাবে কোৱাৰেন্টাইনত থাকিব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কোৱাৰেন্টাইনৰ কালছোৱাত তেওঁলোকক প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ বহু প্ৰত্যাশিত টেষ্ট শৃংখলাটো দিবা-নৈশ টেষ্টেৰে 17 ডিচেম্বৰৰ পৰা এডেলাইডত আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বিৰাট কোহলী তেওঁৰ পত্নী অনুস্কা শৰ্মাই তেওঁলোকৰ প্ৰথমটো সন্তানৰ বাবে আশা কৰাৰ পৰিপ্ৰেক্ষিতত কোহলিক প্ৰথমখন টেষ্টৰ পাছতে পিতৃত্বকালীন ছুটী প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক:কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

ABOUT THE AUTHOR

...view details