অসম

assam

By

Published : Sep 22, 2019, 7:27 PM IST

ETV Bharat / sports

টছত জয় লাভ ভাৰতৰ, প্ৰথমে বেটিঙৰ সিদ্ধান্ত

বাংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত আজি দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছে অন্তিমখন টি-20 মেচ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতৰ ৷

টছত জয় লাভ ভাৰতৰ, প্ৰথমে বেটিঙৰ সিদ্ধান্ত

স্পৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰঃ আজি বাংগালুৰুত তিনিখন মেচৰ অন্তিমখন টি-20 মেচ মুখামুখি হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা ৷ বাংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হৈছে এই উত্তেজনাপূৰ্ণ মেচখন ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত ভাৰতৰ ৷ দুয়োটা দলৰ দৃষ্টিভংগীৰে এই মেচখন হৈছে অধিক গুৰুত্বপূৰ্ণ ৷

ইতিমধ্যে তিনিখন মেচৰ প্ৰথমখন টি-20 মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পিচত মোহালীত 7 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ গতিকে আজিৰ মেচখনত জয় লাভেৰে 2-0 ৰে শৃংখলা দখল কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব বিৰাট বাহিনী ৷ আনহাতে দক্ষিণ আফ্ৰিকাৰ নৱ নিযুক্ত অধিনায়ক কুইণ্টন ডি কক্ ৰ লক্ষ্য হ'ব জয় লাভ কৰি 1-1 ৰে শৃংখলাত সমতা স্থাপন কৰাৰ ৷

ভাৰতীয় দলটোত আছেঃ ৰোহিত শৰ্মা, শিখৰ ধাৱন, বিৰাট কোহলি (অঃ), ঋষভ পন্ত, শ্ৰেয়াছ আয়াৰ, ক্ৰোণাল পাণ্ডিয়া, হাৰ্দিক পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, ৱাছিংটন সুন্দৰ, দীপক চাহাৰ, নৱদ্বীপ চাইনী ৷

ABOUT THE AUTHOR

...view details