অসম

assam

ETV Bharat / sports

তৃতীয় টেষ্টত জয় সাব্যস্ত ভাৰতৰ: হোৱাইট ৱাশ্বৰ সন্মুখীন দক্ষিণ আফ্ৰিকা - তৃতীয় টেষ্টত জয় সাব্যস্ত ভাৰতৰ: হোৱাইট ৱাশ্বৰ সন্মুখীন দক্ষিণ আফ্ৰিকা

তৃতীয় টেষ্টত বৃহৎ জয় সাব্যস্ত কৰিছে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে ৷ এক ইনিংছ আৰু 202 ৰানত বৃহৎ জয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে ৷

ট্ৰফীৰ সৈতে ভাৰতীয় দলৰ সদস্য

By

Published : Oct 22, 2019, 5:36 PM IST

স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ : ৰাঁচীত অনুষ্ঠিত তৃতীয় টেষ্টত বৃহৎ জয় সাব্যস্ত কৰে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে ৷ তৃতীয় টেষ্টত এক ইনিংছ আৰু 202 ৰানত বৃহৎ জয় সাব্যস্ত কৰে দলটোৱে ৷ তৃতীয় টেষ্টৰ চতুৰ্থ দিনা 132/8 ৰ পৰা খেলিবলৈ আৰম্ভ কৰি দক্ষিণ আফ্ৰিকা দলে স্ক'ৰবৰ্ডত কেৱল এক ৰানহে যোগ দিবলৈ সক্ষম হয় ৷ 133 ৰানত ভ্ৰমণকাৰী দলটোক অল আউট কৰে ভাৰতীয় দলে ৷

ৰোহিত শৰ্মা আৰু আজিংকা ৰাহানে

স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিন আৰু শ্বাহবাজ নদীমে দক্ষিণ আফ্ৰিকাৰ অন্তিম দুটা উইকেট দখল কৰে ৷ ইয়াৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্ট ছিৰিজত দক্ষিণ আফ্ৰিকা দলক হোৱাইট ৱাশ্ব কৰিবলৈ সক্ষম হয় ৷

তৃতীয় দিনাৰ মেচত ভাৰতীয় দলে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই দক্ষিণ আফ্ৰিকা দলক প্ৰথম ইনিংছত 162 ৰানত সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচতে দ্বিতীয় ইনিংছতো দক্ষিণ আফ্ৰিকাৰ 8 টাকৈ উইকেট দখল কৰে ভাৰতে ৷

ভাৰতৰ হৈ দ্বিতীয় ইনিংছত মহম্মদ ছামীয়ে 3 টা উইকেট দখল কৰাৰ লগতে উমেশ যাদৱ আৰু শ্বাহবাজ নদীমে দুটাকৈ উইকেট দখল কৰে ৷ ভাৰতৰ অ'পেনাৰ ৰোহিত শৰ্মাই গঢ়া 212 ৰানৰ দুৰ্দান্ত ইনিংছৰ বাবে 'মেন অৱ দা মেচ'ৰ লগতে 'মেন অৱ দা ছিৰিজ'ৰ সন্মানো দখল কৰে ৷

ABOUT THE AUTHOR

...view details