অসম

assam

ETV Bharat / sports

বিশ্বকাপত পন্তৰ অনুপস্থিতি অনুভৱ কৰিব ভাৰতেঃ সৌৰভ গাংগুলী

আই পি এলত দিল্লী কেপিটেলছৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰা যুৱ উইকেটকীপাৰ ঋষভ পন্তৰ প্ৰশংসাত পঞ্চমুখ ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷

By

Published : May 14, 2019, 10:19 AM IST

বিশ্বকাপত পন্তৰ অনুপস্থিতি অনুভৱ কৰিব ভাৰতেঃ সৌৰভ গাংগুলী

স্পৰ্টছ ডেস্ক, 14 মে’: আগন্তুক 30 মে’ ৰ পৰা ইংলেণ্ড এণ্ড ৱেলছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট বিশ্বকাপত ঋষভ পন্তৰ অনুপস্থিতি অনুভৱ কৰিব ভাৰতে ৷ এই কথা ক’লে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ৷

ঋষভ পন্ত

আঘাতপ্ৰাপ্ত কেদাৰ যাদৱৰ স্থানত ঋষভ পন্তক স্থান দিয়া যাব নেকি প্ৰশ্ন কৰাত গাংগুলীয়ে কয়, এইটো কোৱা অসম্ভৱ, মই আশা কৰো কেদাৰ যাদৱ অতি সোনকালে সুস্থ হৈ উঠিব ৷ কিন্তু বিশ্বকাপত পন্তৰ অনুপস্থিতি ভাৰতে অনুভৱ কৰিব বুলি উল্লেখ কৰে গাংগুলীয়ে ৷ আনহাতে ৰোহিতৰ অধিনায়কৰ দায়িত্বৰ ভূমিকাকো প্ৰশংসা কৰে গাংগুলীয়ে ৷

ABOUT THE AUTHOR

...view details