স্পৰ্টছ ডেস্ক, 8 আগষ্টঃ বৃহস্পতিবাৰে গায়ানাত অনুষ্ঠিত হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন এদিনীয়া ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত ভাৰতৰ ৷ কিন্তু পাঁচ অভাৰৰ অন্ততেই মেচখনত বিধি পথালি দিয়ে বৰষুণে ৷ ফলত 43 অভাৰলৈ হ্ৰাস কৰা হয় মেচখন ৷ বৰষুণ অহাৰ সময়ত ৱেষ্ট ইণ্ডিজ দলটোৱে 5.4 অভাৰত সংগ্ৰহ কৰিছিল 9 ৰান ৷ শেহতীয়া তথ্য় অনুসৰি কিছু সময়ৰ পিচতেই পুনৰ আৰম্ভ হ’ব খেলখন ৷
বৰষুণৰ বিধি-পথালিঃ 43 অভাৰলৈ হ্ৰাস ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া
খেলৰ মাজত বৰষুণৰ বিধি-পথালিৰ বাবে 43 অভাৰলৈ হ্ৰাস ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত প্ৰথমখন এদিনীয়া মেচ ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে ৷
বৰষুণৰ বিধি-পথালিঃ 43 অভাৰলৈ হ্ৰাস ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া
টি-20 শৃংখলাত হুৱাইট ৱাছ কৰাৰ পাচতেই তিনিখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত মুখামুখি হ’ব ভাৰত ৷ দুয়োটা দলে ইয়াৰ পূৰ্বে 126 খন এদিনীয়াত মুখামুখি হৈছে ৷ য’ত 60 খনত ভাৰতে আৰু 62 খন মেচত ৱেষ্ট ইণ্ডিছে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷
ভাৰতীয় দলটোত আছে ৰোহিত শৰ্মা, শিখৰ ধাৱন, বিৰাট কোহলি (অঃ) শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত(উঃকী), কেদাৰ যাদৱ, ৰবিন্দ্ৰ জাডেজা, ভূৱনেশ্বৰ কুমাৰ, কুলদ্বীপ যাদৱ, মহম্মদ শ্বামী, খালিল আহমেদ ৷