অসম

assam

ETV Bharat / sports

টছত জয় লাভ ভাৰত,বলিঙৰ সিদ্ধান্ত

আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মুখামুখি হৈছে ভাৰত ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত ভাৰতৰ ৷

By

Published : Aug 8, 2019, 9:32 PM IST

টছত জয় লাভ ভাৰত, বলিঙৰ সিদ্ধান্ত

স্পৰ্টছ ডেস্ক, 8 আগষ্টঃ টি-20 শৃংখলা জয়ৰ পিচতেই তিনিখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে সাজু হৈছে বিৰাট বাহিনী ৷ বৃহস্পতিবাৰে গায়ানাত অনুষ্ঠিত হৈছে প্ৰথমখন এদিনীয়া ৷ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত ভাৰতৰ ৷ ইয়াৰ পূৰ্বে 126 খন এদিনীয়াত মুখামুখি হৈছে দুয়োটা দল ৷ য’ত 60 খনত ভাৰতে আৰু 62 খন মেচত ৱেষ্ট ইণ্ডিজে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ খেলাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ক্ৰীছ গেইলে ৷ গেইলৰ এইখন হৈছে 296 খন এদিনীয়া ৷ ইয়াৰ পূৰ্বে 295 খন এদিনীয়াৰে এই অভিলেখ আছিল ব্ৰায়ান লাৰাৰ নামত ৷

ভাৰতীয় দলটোত আছে ৰোহিত শৰ্মা,শিখৰ ধাৱন,বিৰাট কোহলি(অঃ),শ্ৰেয়াছ আয়াৰ,ঋষভ পন্ত(উঃকী),কেদাৰ যাদৱ,ৰবীন্দ্ৰ জাডেজা,ভূৱনেশ্বৰ কুমাৰ,কুলদ্বীপ যাদৱ,মহম্মদ শ্বামী,খালিল আহমেদ ৷

ABOUT THE AUTHOR

...view details