স্পৰ্টছ ডেস্ক, 14 আগষ্টঃ ত্ৰিনিডাডৰ কুইন্স পাৰ্ক অ'ভেলত আজি অনুষ্ঠিত হ'ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তিনিখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাত 1-0 ৰে অগ্ৰগতি লাভ কৰি আছে ভাৰতে ৷ বৰষুণৰ বাবে বাতিল হৈছিল গায়ানত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচ ৷
তৃতীয়খন এদিনীয়াঃ শৃংখলা জয়ৰ লক্ষ্যৰে নামিব ভাৰত - ৱেষ্ট ইণ্ডিজ
টি-20ৰ পাচত ত্ৰিনিডাডত এদিনীয়া শৃংখলা জয়ৰ লক্ষ্যৰে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰণভূমিত নামিব বিৰাট বাহিনী ৷
দ্বিতীয়খন এদিনীয়াত বৰষুণে বিধি-পথালি দিছিল যদিও ডাক-ৱৰ্থ লুইছ নিয়মৰ অধীনত 59 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি 280 ৰানৰ লক্ষ্য বান্ধি দিছিল ৱেষ্ট ইণ্ডিজক ৷ ভাৰতৰ হৈ বিৰাট কোহলিয়ে অৰ্জন কৰিছিল আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ 42 তম শতক ৷ ইয়াৰ প্ৰত্যুত্তৰত 210 ৰান কৰি অল আউটৰ সন্মুখীন হৈছিল ঘৰুৱা দলটো ৷
টি-20 শৃংখলাত হুৱাইট ৱাছৰ পাচতেই পুনৰ এদিনীয়া শৃংখলা দখল কৰাৰ মনোবৃত্তিৰে বুধবাৰে খেলপথাৰত নামিব ব্লু-বাহিনী ৷ অৱশ্যে ৱেষ্ট ইণ্ডিজ দলটোৰ লক্ষ্য হ'ব অন্তিমখন এদিনীয়াত বিজয় সাব্যস্তৰে শৃংখলাত 1-1 ৰে সমতা স্থাপন কৰাৰ ৷