স্পৰ্টছ ডেস্ক, 5 জানুৱাৰীঃভাৰতীয় ক্ৰীড়াপ্ৰেমীলৈ আহিছে এক দুখবৰ ৷ প্ৰথমখন টি-20 ৰ পূৰ্বেই আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি ৷ বাওঁহাতৰ কেঞা আঙুলিত আঘাতপ্ৰাপ্ত হৈছে বিৰাট কোহলি ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰি থকা সময়তে সংঘটিত হয় এই অঘটন ৷ ততাতৈয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ ফিজিঅ’ নিটিন পাটিলে কোহলিৰ আঙুলিৰ পৰীক্ষণ কৰি খেলুৱৈগৰাকীৰ আঙুলিত স্প্ৰে কৰে যদিও বৰ্তমানলৈকে কোহলিৰ আঘাত কিমান গম্ভীৰ সেই বিষয়ে জানিব পৰা হোৱা নাই ৷
এই অনুশীলনত অনুপস্থিত থাকে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাডেজা ৷ কিয়নো শুকুৰবাৰে অতি পলমকৈ গুৱাহাটীত উপস্থিত হৈছিল খেলুৱৈগৰাকী ৷ দেওবাৰে সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন ৷