অসম

assam

ETV Bharat / sports

গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ - INDIA

শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ ৷

গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ

By

Published : Sep 27, 2019, 10:29 AM IST

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ অসমৰ ক্ৰীড়া প্ৰেমীলৈ আহিছে সুখবৰ ৷ পুনৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷ জিম্বাৱৱে দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ হোৱাৰ পাচতেই ভাৰত ভ্ৰমণলৈ আহিব শ্ৰীলংকা ক্ৰিকেট দলটো ৷

শ্ৰী লংকা ক্ৰিকেট দল

বিচিচিআইৰ অনুৰোধমৰ্মেই তিনিখন টি-20 মেচত অংশ গ্ৰহণ কৰাৰ বাবে ভাৰতলৈ আহিব শ্ৰীলংকা ক্ৰিকেট দলটো ৷ গুৱাহাটীত অহা বৰ্ষৰ 5 জানুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথমখন টি-20 মেচ ৷

উল্লেখ্য যে,শেষবাৰৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 21 অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত মুখামুখি হৈছিল ভাৰত ৷ য’ত 8 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ মেচখনত বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই অৰ্জন কৰিছিল শতক ৷

তিনিখন টি-20 মেচঃ

  • 5 জানুৱাৰীঃ প্ৰথম টি-20 মেচ, গুৱাহাটী
  • 7 জানুৱাৰীঃ দ্বিতীয় টি-20 মেচ, ইন্দোৰ
  • 10 জানুৱাৰীঃ তৃতীয় টি-20 মেচ, পুনে

লগতে চাওকঃ প্ৰথম টেষ্টত কোনে পাব স্থান : পন্ত নে শ্বাহা !

ABOUT THE AUTHOR

...view details