অসম

assam

By

Published : Jan 10, 2020, 6:53 AM IST

ETV Bharat / sports

শৃংখলা দখলৰ লক্ষ্যৰে পুনেত নামিব ভাৰত

বৰ্ষৰ প্ৰথমটো শৃংখলা জয়ৰ লক্ষ্যৰে আজি মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিয়ামত শ্ৰীলংকাৰ সন্মুখ-সমৰত থাকিব ভাৰত ৷ তিনিখন মেচৰ টি-20 শৃংখলাত 1-0 ৰ অগ্ৰগতি ভাৰতৰ ৷

শৃংখলা দখলৰ লক্ষ্যৰে পুনেত নামিব ভাৰত
শৃংখলা দখলৰ লক্ষ্যৰে পুনেত নামিব ভাৰত

স্পৰ্টছ ডেস্ক, 10 জানুৱাৰীঃপুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিয়ামত আজি সন্ধিয়া 7 বজাত শৃংখলা দখল কৰাৰ লক্ষ্যৰে শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অৱতীৰ্ণ হ’ব ভাৰত ৷ ইন্দোৰত 7 উইকেটৰে সহজ জয় লাভ কৰি ইতিমধ্যে শৃংখলাত অপৰাজয় হৈ ৰৈছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটো ৷ তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল গুৱাহাটীত ৷

ইন্দোৰ টি-20 মেচ

ইপিনে মালিংগা নেতৃত্বাধীন শ্ৰীলংকা দলটোৱে অন্তিমখন টি-20 ত জয় লাভ কৰি শৃংখলাত 1-1 ৰ সমতা স্থাপন কৰাৰ চেষ্টা চলাব ৷ অৱশ্যে দলটোৰ বাবে সমস্যা হৈছে দ্ৰুতবেগী বলাৰ ইছুৰু উদানাৰ আঘাত ৷ দ্বিতীয়খন টি-20 ত আঘাতৰ সন্মুখীন হৈছিল খেলুৱৈগৰাকী ৷ মেচৰ অন্তত পৰাজয়ৰ কাৰণ উদানাৰ আঘাত বুলিয়ে উল্লেখ কৰিছিল মালিংগাই ৷

ইপিনে ভাৰতৰ বাবে জছপ্ৰীত বোমৰাহৰ প্ৰত্যাৱৰ্তনে দলটোৰ বলিং লাইন আপ যথেষ্ট শক্তিশালী কৰি তোলিছে যদিও শিখৰ ধাৱনৰ দুৰ্বল ফৰ্ম চিন্তনীয় বিষয় হৈ পৰিছে বিৰাটৰ লগতে ৰবি শাস্ত্ৰীৰ বাবে ৷ গতিকে আজিৰ মেচখনত ধাৱনৰ বেটিঙৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব দলটোৰ ৷

শ্ৰীলংকা দল
  • ভাৰতীয় দলটো হৈছে-শিখৰ ধাৱান, লোকেশ ৰাহুল, বিৰাট কোহলি (অঃ), শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, শিৱম ডুৱে, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, নৱদ্বীপ ছাইনী, জছপ্ৰীত বুমৰাহ, ৰবিন্দ্ৰ জাডেজা, যুজৱেন্দ্ৰ চাহাল, সঞ্জু ছেমচন, মনীষ পাণ্ডে৷
  • শ্ৰীলংকা দলটো হৈছে-ডানুস্কা গোনাথিলকা, অভিস্কা ফাৰ্নাণ্ডো, কুশল পেৰেৰা, অশাদা ফাৰ্নাণ্ডো, ভানুকা ৰাজাপাক্সা, ধনঞ্জয় ডি ছিলভা, দাছুন ছানাকা, ইছুৰু উদানা, ৱানিন্দো হাছাৰাংগা, লাহিৰু কুমাৰা, লাছিথ মালিংগা (অঃ), নিৰোচন ডিকৱেলা, এঞ্জিলো মেথিউজ, কুশল মেণ্ডিছ, কাচুন ৰাজিথা, লক্ষণ চন্দকানা ৷

লগতে চাওক-পুনৰ বিতৰ্কত অসম ক্ৰিকেট সন্থা !

ABOUT THE AUTHOR

...view details