অসম

assam

ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা: 601 ৰানত ইনিংছ ঘোষণা ভাৰতৰ

বিৰাট কোহিলৰ দ্বি-শতক, ময়ংক আগৰৱালৰ শতকেৰে দ্বিতীয়খন টেষ্টত বিশাল স্কৰ ভাৰতৰ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুণে টেষ্টত 601 ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ ৷

By

Published : Oct 11, 2019, 6:25 PM IST

India Vs South Africa

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে তিনিখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ ৷ পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিমায়ত অনুষ্ঠিত মেচখনত প্ৰথমে বেটিং কৰি বিশাল স্কৰ ভাৰতৰ ৷ 3 উইকেটৰ বিনিময়ত 601 ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা ভাৰতৰ ৷

ময়ংক আগৰৱালৰ শতক

ভাৰতৰ হৈ বিৰাট কোহলিয়ে অপৰাজিত 254 ৰান কৰাৰ বিপৰীতে ময়ংক আগৰৱালে 108 ৰানৰ শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷ আনহাতে অজ্যিংকা ৰাহানেয়ে 59, ৰবিন্দ্ৰ জাডেজাই 91, চেতেশ্বৰ পূজাৰাই 58, ৰোহিত শৰ্মাই 14 ৰানৰ বৰঙণি আগবঢ়ায় ৷

বিৰাট কোহলিৰ দ্বি-শতক

ময়ংক আগৰৱালে প্ৰথম দিনা টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰাৰ বিপৰীতে 26 সংখ্যক শতক অৰ্জন কৰা বিৰাটে 150 ৰান সম্পূৰ্ণ কৰি অধিনায়ক হিচাপে ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details