অসম

assam

ETV Bharat / sports

ভাৰত-দক্ষিণ আফ্ৰিকা দ্বিতীয় টেষ্ট মেচ: শক্তিশালী স্থিতিত ভাৰত - পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিমায়

শক্তিশালী স্থিতিত ভাৰত ৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনৰ খেলৰ অন্তত 3 উইকেটৰ বিনিময়ত 36 ৰান সংগ্ৰহ দক্ষিণ আফ্ৰিকাৰ ৷

ভাৰত-দক্ষিণ আফ্ৰিকা দ্বিতীয়খন টেষ্ট মেচ: 3 উইকেটৰ পতন দক্ষিণ আফ্ৰিকাৰ

By

Published : Oct 11, 2019, 7:06 PM IST

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিমায়ত অনুষ্ঠিত হৈছে তিনিখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ ৷ দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনৰ খেলৰ অন্তত শক্তিশালী স্থিতিত ভাৰত ৷ ভাৰতৰ প্ৰথম ইনিংছৰ 601 ৰানৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 15 অভাৰত 3 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 36 ৰান ৷ ভাৰতে প্ৰথমে বেটিং কৰি 3 উইকেটৰ বিনিময়ত 601 ৰান কৰি প্ৰথম ইনিংছ ঘোষণা কৰিছিল ৷ ভাৰতৰ হৈ উমেশ যাদৱে 2 টা আৰু মহম্মদ ছামীয়ে 1 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷

শক্তিশালী স্থিতিত ভাৰত

টছত জয়ী হৈ ভাৰতে ময়ংক আগৰৱালৰ শতক, বিৰাট কোহলিৰ দ্বি-শতকৰ বিনিময়ত বিশাল স্কৰ গঢ়িবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ হৈ বিৰাট কোহলিয়ে অপৰাজিত 254 ৰান কৰাৰ বিপৰীতে ময়ংক আগৰৱালে 108 ৰানৰ শতকীয় ইনিংছ খেলে ৷ আনহাতে অজ্যিংকা ৰাহানেয়ে 59, ৰবীন্দ্ৰ জাডেজাই 91, চেতেশ্বৰ পূজাৰাই 58, ৰোহিত শৰ্মাই 14 ৰানৰ বৰঙণি যোগায় ৷

টেষ্ট ক্ৰিকেটত দ্বি-শতকৰ পৰিসংখ্যা

ময়ংক আগৰৱালে প্ৰথম দিনা টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰাৰ বিপৰীতে 26 সংখ্যক শতক অৰ্জন কৰা বিৰাটে 150 ৰান সম্পূৰ্ণ কৰি অধিনায়ক হিচাপে ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে বিৰাট কোহিলৰ এইটো টেষ্ট ক্ৰিকেটৰ সপ্তমটো দ্বি-শতক ৷

ABOUT THE AUTHOR

...view details