স্পৰ্টছ ডেস্ক, 15 ছেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ ধৰ্মশালাত আজি অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ ৷ সন্ধিয়া 7 বজাত মুখামুখি হ’ব দুয়োটা শক্তিশালী দল ৷ এই খেলপথাৰত ভাৰত আৰু দক্ষিণ আফ্ৰিতাৰ মাজত এইটো হ’ব দ্বিতীয়খন টি-20 শৃংখলা ৷ ইয়াৰ পূৰ্বে 2015 চনত অনুষ্ঠিত হোৱা তিনিখন মেচৰ টি-20 শৃংখলাত 2-0 ৰে শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকাই ৷
ধৰ্মশালাৰ পৰিৱেশ অনুসৰি পেছ বলিঙৰ বাবে অনুকূল হ’ব এই খন মেচ ৷ ভাৰতীয় দলটোত আছে খলীল আহমেদ, নৱদ্বীপ চাইনী, দিপক চাহাৰৰ দৰে দ্ৰুত বেগী বলাৰ ৷ আনহাতে স্পিনৰ ভূমিকাত আছে ৱাছিংটন সুন্দৰ আৰু ৰাহুল চাহৰ, ক্ৰোণাল পাণ্ডিয়া, ৰবীন্দ্ৰ জডেজা ৷ দুয়োটা দলৰ মাজত বৰ্তমান লৈকে 13 খন মেচ অনুষ্ঠিত হৈছে ৷ য’ত ভাৰতে 8 খন আৰু দক্ষিণ আফ্ৰিকাই 5 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এই মেচখনত দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ দায়িত্বত আছে কুইণ্টন ডি কক্ ৷