মহিলা টি-20: প্ৰথমখন টি-20 মেচত জয় লাভ ভাৰতৰ - মহিলা টি-20
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পাঁচখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচত জয় লাভ ভাৰতৰ ৷ 11 ৰানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা ৷
![মহিলা টি-20: প্ৰথমখন টি-20 মেচত জয় লাভ ভাৰতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4543971-426-4543971-1569348857480.jpg)
স্পৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰথম মহিলা টি-20 মেচত জয় লাভ ভাৰতৰ ৷ পাঁচখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচত 11 ৰানত জয় লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই 130 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ হৰমনপ্ৰীত কৌৰে সৰ্বাধিক 43 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ ছেফালি বাৰ্মা 0, স্মৃতি মন্দানা 21, জেমিমা ৰড্ৰিগ্ৰেজ 19, দিপ্তী শৰ্মা 16, ৱেদা কৃষ্ণমূৰ্থী 10, পূজা ভাছট্ৰাকৰ 1, ৰাধে যাদৱ 1, তানিয়া ভাটিয়া অপৰাজিত 11 আৰু শিখা পাণ্ডেই অপৰাজিত 3 ৰান কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকা দলটো 19.5 অভাৰত 119 ৰান কৰি অল আউট হয় ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মা 3 টা, শিখা পাণ্ডে, পুনম পাণ্ডে আৰু ৰাধে যাদৱে 2 টা কৈ আৰু হৰমপ্ৰীত কৌৰে 1 টা উইকেট দখল কৰে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ মিগনুন ডু প্ৰীজে সৰ্বাধিক 59 ৰান কৰিবলৈ সক্ষম হয় ৷ মেচখনত দিপ্তী শৰ্মাক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷