স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃনিউজিলেণ্ডৰ ভূমিত শুকুৰবাৰে পাঁচখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব বিৰাট নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো ৷ অকলেণ্ডৰ ইডেন পাৰ্ক ষ্টেডিয়ামত দিনৰ 12.20ত অনুষ্ঠিত হ’ব এই উত্তেজনাপূৰ্ণ মেচখন ৷ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাজয়ৰ পাচত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ সৈতে মুখামুখি হ’ব ভাৰত ৷
দুয়োটা দলে ইয়াৰ পূৰ্বে এই খেলপথাৰত এখনকৈ টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত ভাৰতে সাত উইকেটৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷ এই মেচখনতেই মেন অফ দ্য মেচৰ খিতাপ লাভ কৰিছিল ক্ৰোণাল পাণ্ডিয়াই ৷ পাণ্ডিয়াই চাৰি অভাৰত 28 ৰান দি তিনিটা উইকেট দখল কৰিছিল ৷ অৱশ্যে ভাৰত আৰু নিউজিলেণ্ড দলটোৱে বৰ্তমান লৈকে 4 খন টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত নিউজিলেণ্ডে 3 খন আৰু ভাৰতে 1 মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷