অসম

assam

মাউণ্ট মাংগানুইত ভাৰত বনাম নিউজিলেণ্ড

নিউজিলেণ্ডৰ বিৰুদ্ধে মঙলবাৰে সন্মান ৰক্ষাৰ যুঁজত তৃতীয়খন এদিনীয়াত অৱতীৰ্ণ হ’ব ভাৰত ৷ ইতিমধ্যে 2-0 ৰে শৃংখলা দখল নিউজিলেণ্ডৰ ৷

By

Published : Feb 11, 2020, 1:55 AM IST

Published : Feb 11, 2020, 1:55 AM IST

Updated : Feb 11, 2020, 2:02 AM IST

মাউণ্ট মাংগানুই ভাৰত বনাম নিউজিলেণ্ড
মাউণ্ট মাংগানুই ভাৰত বনাম নিউজিলেণ্ড

স্পৰ্টছ ডেস্ক, 11 ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ মাউণ্ট মাংগানুইত মঙলবাৰে তৃতীয়খন এদিনীয়া মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড ৷ পুৱা 7.30 বজাত অনুষ্ঠিত হ’ব এই খেলখন ৷ ইতিমধ্যে তিনিখন মেচৰ এদিনীয়া শৃংখলা 2-0 ৰে পৰাজয়বৰণ কৰি শৃংখলা হেৰুৱাবলগীয়া হৈছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷ গতিকে অন্তিমখন মেচত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰত ৷ ইপিনে নিউজিলেণ্ডৰ লক্ষ্য হ’ব ভাৰতৰ হাতত টি-20 শৃংখলাৰ ৱাইট ৱাছৰ প্ৰতিশোধ লোৱাৰ এই এদিনীয়া শৃংখলাত ৷

ভাৰত বনাম নিউজিলেণ্ড

উল্লেখ্য যে, এই শৃংখলাৰ পূৰ্বেই ভাৰতৰ দলটোৰ বাবে সমস্যা হৈ পৰিছিল ইন ফৰ্ম বেটছমেন ৰোহিত শৰ্মাৰ আঘাত ৷ যাৰ পৰিণতিত দলৰ পৰা বাহিৰ হ’বলগা হৈছিল খেলুৱৈগৰাকী ৷ গতিকে এই শৃংখলাত এক নতুন অ’পেনিং যুটিৰে অৱতীৰ্ণ হৈছে ভাৰতীয় দলটো ৷ পূৰ্বৰ দুয়োখন মেচতেই নদ্বয় অ’পেনাৰ পৃথ্বী শ্ব’ আৰু ময়ংক আগৰৱালে সুন্দৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছে যদিও তৃতীয়খন এদিনীয়াত দুয়োৰে পৰা সুন্দৰ প্ৰদৰ্শনৰ আশা কৰিব অধিনায়ক তথা দলটোৱে ৷ লগতে বিৰাট, শ্ৰেয়াছ আয়াৰ, কে.এল ৰাহুলৰ বেটিঙৰ ওপৰতো দৃষ্টি থাকিব ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ ৷

মিটচেল চেন্টনাৰ, স্ক’ট কুগেলেজিন, টিম ছাউদি

ইপিনে তৃতীয়খন এদিনীয়াৰ বাবে নিউজিলেণ্ড দলটোৱে ইছ ছৌদি আৰু ব্লেয়ৰ টিকনৰক দলত স্থান দিছে ৷ অৱশ্যে দলটোৰ বাবে সমস্যাৰ কাৰণ হৈছে মিটচেল চেন্টনাৰ, টিম ছাউদি আৰু স্ক’ট কুগেলেজিন অসুস্থতা ৷ গতিকে এই তিনিগৰাকী খেলুৱৈৰ তৃতীয়খন এদিনীয়াত খেলা-নেখেলাক লৈ অনিশ্চতাই বিৰাজ কৰিছে ৷ অৱশ্যে অন্তিমখন মেচত দলটোত অধিনায়ক কেন উলিয়ামচনৰ প্ৰত্যাৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা আছে ৷

Last Updated : Feb 11, 2020, 2:02 AM IST

ABOUT THE AUTHOR

...view details