অসম

assam

তৃতীয় এদিনীয়াঃ টছত জয় লাভ নিউজিলেণ্ডৰ, প্ৰথমে বেটিং ভাৰতৰ

মাউণ্ট মাংগানুইত তৃতীয়খন এদিনীয়াত নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত ৷ টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ ৷ শৃংখলাত 2-0 ৰ অগ্ৰগতি কিৱি বাহিনীৰ ৷

By

Published : Feb 11, 2020, 7:14 AM IST

Published : Feb 11, 2020, 7:14 AM IST

India vs newzealand toss 3rd ODi
India vs newzealand toss 3rd ODi

স্পৰ্টছ ডেস্ক, 11 ফেব্ৰুৱাৰীঃনিউজিলেণ্ডৰ মাউণ্ট মাংগানুইত আজি তৃতীয়খন এদিনীয়া মুখামুখি হৈছে ভাৰত আৰু নিউজিলেণ্ড ৷ সন্মান ৰক্ষাৰ যুঁজত অন্তিমখন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দলটো ৷ কাৰণ ইতিমধ্যে তিনিখন মেচৰ এদিনীয়া শৃংখলাত 2-0 ৰে পৰাজয় বৰণ কৰি শৃংখলা হেৰুৱাইছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷ টছত জয় লাভ কৰি নিউজিলেণ্ডে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতক বেটিঙলৈ নিমন্ত্ৰণ জনায় ৷

ভাৰত বনাম নিউজিলেণ্ড

মেচখনত ভাৰতীয় দলটোতকেদাৰ যাদৱৰ স্থানত মনিষ পাণ্ডেক স্থান দিয়া হৈছেইপিনে নিউজিলেণ্ড দলটোত অধিনায়ক কেন উইলিয়ামচনৰ প্ৰত্যাৱৰ্তন কৰাৰ লগতে চাপমেনৰ স্থানত দলত অন্তৰ্ভুক্তি কৰা হৈছে মিটচেল চেন্টনাৰক ৷ এই মেচখনত ভাৰতে জয় লাভ কৰি সন্মান ৰক্ষাৰ যো-জা চলোৱাৰ বিপৰীতে নিউজিলেণ্ডৰ লক্ষ্য হ’ব ভাৰতৰ হাতত 5-0 ব্যৱধানত টি-20 শৃংখলাত হোৱাইট ৱাছ হোৱাৰ উচিত প্ৰতিশোধ লোৱাৰ ৷ এতিয়া সময়হে ক’ব ভাৰতীয় দলটো হোৱাইট ৱাছৰ সন্মুখীন হ’ব নে জয়েৰে শৃংখলাৰ অন্ত পেলাব ৷

লগতে চাওক- "এয়া আমাৰ দিন নাছিল" : অনুৰ্দ্ধ-19 ৰ অধিনায়ক প্ৰিয়ম গাৰ্গ

ABOUT THE AUTHOR

...view details