স্পৰ্টছ ডেস্ক, 8 অক্টোবৰ: বাংলাদেশৰ বিৰুদ্ধে ৰাজকোটত অনুষ্ঠিত হোৱা টি-20 মেচত ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিং ৷ ৰোহিতৰ বিস্ফোৰক বেটিঙৰ ফলতেই 8 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হয় ভাৰতে ৷ ৰোহিতে 43 টা বলত 85 ৰান কৰিবলৈ সক্ষম হয় ৷ ৰোহিতৰ এই বিস্ফোৰক বেটিঙৰ পাচতেই বীৰেন্দ্ৰ ছেহৱাগৰ মন্তব্য ৷ ৰোহিতে যিটো কৰিব পাৰে সেইটো বিৰাটেও কৰিব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে বীৰেন্দ্ৰ ছেহৱাগে ৷
যি ৰোহিতে কৰিব পাৰে বিৰাটে কৰিব নোৱাৰে: বীৰেন্দ্ৰ ছেহৱাগ - অ’পেনাৰ ৰোহিত শৰ্মা
ৰাজকোট টি-20ত বিস্ফোৰক বেটিং ভাৰতীয় অ’পেনাৰ ৰোহিত শৰ্মাৰ ৷ ৰোহিতৰ 85 ৰানৰ বিস্ফোৰক ইনিংছৰ পাচত বীৰেন্দ্ৰ ছেহৱাগৰ মন্তব্য ৷

যি ৰোহিতে কৰিব পাৰে বিৰাটে কৰিব নোৱাৰে: বীৰেন্দ্ৰ ছেহৱাগ
ছেহৱাগে লগতে কয়, ভাৰতীয় ক্ৰিকেটৰ বাবে এসময়ত শচীনে যি কাম কৰি আহিছিল সেই কাম বৰ্তমানে ৰোহিত শৰ্মাই কৰি আছে ৷ নিৰ্ভীক ভাৱে খেলা দলৰ বাবে উপকাৰী বুলি কয় ছেহৱাগে ৷ ৰোহিতৰ এইখন আছিল 100 সংখ্যক টি-20 মেচ ৷ ৰোহিতৰ বিস্ফোৰক বেটিঙৰ ফলতেই ভাৰতে জয় লাভ কৰি শৃংখলাত 1-1 ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ শৃংখলাৰ অন্তিমখন মেচ অহা 10 নৱেম্বৰত অনুষ্ঠিত হ’ব নাগপুৰত ৷
- লগতে চাওক-ইতিহাসত আজিৰ দিনটো
TAGGED:
ৰাজকোট টি-20 মেচ 2019