স্পৰ্টছ ডেস্ক, 23 নৱেম্বৰ:ভাৰত আৰু বাংলাদেশৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈ থকা ঐতিহাসিক টেষ্ট মেচত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটো ৷ বাংলাদেশৰ প্ৰথম ইনিংছৰ 106 ৰানৰ বিনিময়ত ভাৰতে প্ৰথম ইনিংছ ঘোষণা কৰে 9 উইকেট হেৰুৱাই 347 ৰানত ৷ ফলত প্ৰথম ইনিংছত 241 ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰে ভাৰতীয় দলটোৱে ৷ বৰ্তমান দ্বিতীয় দিনৰ খেলৰ অন্তত বাংলাদেশে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছে 6 উইকেট হেৰুৱাই 152 ৰান । ভাৰতৰ হৈ ইশান্ত শৰ্মাই 4 টা উইকেট লাভ কৰাৰ বিপৰীতে উমেশ যাদৱে লাভ কৰিছে 2 টা উইকেট । বৰ্তমান ভাৰতৰ শৃংখলা 2-0 ব্যৱধানত জয় লাভ কৰিবলৈ প্ৰয়োজন ৪ উইকেটৰ ৷
ভাৰতৰ হৈ বিৰাট কোহলিয়ে 27 সংখ্যক শতক অৰ্জন কৰি 136 ৰান কৰাৰ বিপৰীতে ময়ংক আগৰৱাল 14, ৰোহিত শৰ্মা 21, চেতেশ্বৰ পূজাৰা 55, অজ্যিংকা ৰাহানে 51, ৰবিন্দ্ৰ জাডেজা 12, ঋদ্ধিমান শ্বাহা অপৰাজিত 17, ৰবি চন্দ্ৰন আশ্বিন 9, উমেশ যাদৱ 0, ইশান্ত শৰ্মা 0, মহম্মদ শ্বামীয়ে অপৰাজিত 10 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ বাংলাদেশৰ হৈ অল আমিন হুছেইনে 3 টা, ইবাদত হুছেইনে 3 টা, আবু জায়েদ 2 টা, তাইজুল ইছলাম 1 টা কৈ উইকেট লাভ কৰে ৷