স্পৰ্টছ ডেস্ক,14 নৱেম্বৰ:ভাৰতৰ বিধ্বংসী বলিঙৰ আগত তচনচ বাংলাদেশী ক্ৰিকেট দল ৷ প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত ধৰাশায়ী হয় বাংলাদেশী বেটছমেন ৷ 58.3 অভাৰতে কেৱল 150 ৰান কৰি অল আউট হয় বিদেশী দলটো ৷ বাংলাদেশৰ হৈ সৰ্বাধিক 43 ৰান কৰে মুছফিকুৰ ৰহমানে ৷ আনহাতে শ্বাদমান ইছলামে 6,ইমৰুল কায়েছে 6,অধিনায়ক মমিনুল হকে 37,মহম্মদ মিথুনে 13,মহম্মদুল্লাহই 10,লিটন দাসে 21, মহদি হাছানে 0,তাইজুল ইছলামে 1,ইবাডত হুছেইনে 2 আৰু আবু জায়েদে অপৰাজিত 7 ৰান কৰিবলৈ সক্ষম হয় ৷
ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে 27 ৰান দি 3 টা উইকেট লোৱাৰ বিপৰীতে ইশান্ত শৰ্মাই 20 ৰান দি 2 টা,উমেশ যাদৱে 47 ৰান দি 2 টা,ৰবিচন্দ্ৰন আশ্বিনে 43 ৰান দি 2 টা উইকেট লাভ কৰে ৷