স্পৰ্টছ ডেস্ক, 19 জানুৱাৰীঃ দেওবাৰে বাংগালুৰুৰ এম. চিন্নাস্বামী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ অন্তিম তথা চূড়ান্ত মেচ ৷ টছত জয় লাভ কৰি প্ৰথমে বেটিংৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ ৷ দুয়োটা দলৰে লক্ষ্য হ'ব তৃতীয়খন এদিনীয়াত জয় লাভেৰে শৃংখলা দখল কৰাৰ ৷
টছত জয় লাভ অষ্ট্ৰেলিয়াৰ, প্ৰথমে বেটিংৰ সিদ্ধান্ত - 3rd Odi at M.Chinnaswamy Stadium
আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব অন্তিমখন এদিনীয়া মেচ ৷ নিৰ্ণায়ক মেচখনত দুয়োটা দলৰ লক্ষ্য হ'ব শৃংখলা জয়ৰ ৷
![টছত জয় লাভ অষ্ট্ৰেলিয়াৰ, প্ৰথমে বেটিংৰ সিদ্ধান্ত টছত জয় লাভ অষ্ট্ৰেলিয়াৰ, প্ৰথমে বেটিংৰ সিদ্ধান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5763410-683-5763410-1579419595808.jpg)
টছত জয় লাভ অষ্ট্ৰেলিয়াৰ, প্ৰথমে বেটিংৰ সিদ্ধান্ত
মুম্বাইৰ প্ৰথমখন এদিনীয়াত 10 উইকেটৰ শোচনীয় পৰাজয়ৰ পাচতেই ভাৰতে ৰাজকোট এদিনীয়াত উন্নত খেলৰ প্ৰদৰ্শন কৰি 36 ৰানত জয় লাভ কৰি শৃংখলাত 1-1 ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় দলটোৱে অন্তিমখন মেচত কোনো সাল-সলনি নকৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া দলটোত কেন ৰিচাৰ্ডচনৰ সলনি দলত স্থান দিয়া হৈছে জছ হেজলৱুডক ৷
- ভাৰতীয় দলটো হৈছে-বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা, শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, নৱদ্বীপ চাইনী ৷
- অষ্ট্ৰেলিয়া দলটো হৈছে- এৰণ ফিন্স (অঃ), ডেভিদ ৱাৰ্ণাৰ, ষ্টিভ স্মিথ, মাৰ্নোছ লাবুচেন, এলেক্স কেৰী, পেট কামিন্স, এডাম জাম্পা, মিটচেল ষ্ট্ৰাক, এষ্টন অগৰ, জছ হেজলৱুড ৷
- লগতে চাওক-নেদাৰলেণ্ডক 5-2 ত পৰাস্ত ভাৰতৰ