বিশ্বকাপৰ পূৰ্বে আজি অন্তিমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত । শনিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দিনৰ ১ বাজি ৩০ মিনিটত অনুষ্ঠিত হ'ব পাঁচ মেচৰ শৃংখলাৰ প্ৰথমখন এদিনীয়া ।
আজি হায়দৰাবাদত ভাৰত বনাম অষ্ট্ৰেলিয়া - ভাৰত বনাম অষ্ট্ৰেলিয়া
বিশ্বকাপৰ পূৰ্বে অন্তিম ৰনডংকা ভাৰতৰ
বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এই শৃংখলা হ'ব বহু গুৰুত্বপূৰ্ণ । বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৰ মূল লক্ষ্য় হ'ব বিশ্বকাপৰ বাবে শক্তিশালী একাদশ গঠন কৰাৰ । ভাৰতীয় দলটোৰ চিন্তাৰ কাৰণ হৈছে মধ্য়ক্ৰম । সেয়েহে এই শৃংখলাত আম্বাতী ৰাইডু, কে.এল ৰাহুল, ঋষভ পন্ত আৰু কেদাৰ যাদৱৰ মাজত যি কোনো দুজন খেলুৱৈক স্থান দিয়াৰ সম্ভাৱনা আছে । গতিকে মধ্য়ক্ৰমত নিজৰ স্থান সুনিশ্চিত কৰাৰ বাবে অগ্নিপৰীক্ষাত নামিব খেলুৱৈসকল ।
জানিব পৰা মতে, অনুশীলনৰ সময়ত আঘাতৰ সন্মুখীন হৈছে মহেন্দ্ৰ সিং ধোনী । যাৰ বাবে প্ৰথমখন এদিনীয়াত অন্তিম একাদশত ঋষভ পন্তক স্থান দিয়াৰ সম্ভাৱনা অধিক । ইপিনে অষ্ট্ৰেলিয়া দলটোৰ চিন্তাৰ কাৰণ হৈছে এৰণ ফিন্সৰ দুৰ্বল ফৰ্ম । দলটোৰ বাবে সু-খবৰ হৈছে মেক্সৱেলৰ বিস্ফোৰক ফৰ্ম । গৃহভূমিত পৰাজয়ৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়া দলটোৱে প্ৰতিশোধৰ লক্ষ্য়ৰে এই শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰতৰ বিৰুদ্ধে । ইতিমধ্য়ে ২-০ ৰে টি-২০ শৃংখলা জয় লাভ কৰি প্ৰৱল আত্মবিশ্বাসী হৈ আছে অষ্ট্ৰেলিয়া দলটো ।