অসম

assam

By

Published : Jan 10, 2020, 11:42 PM IST

ETV Bharat / sports

78 ৰাণত শ্ৰীলংকাক পৰাস্ত ভাৰতৰ, শৃংখলা দখল

তৃতীয় টি-20 ত শ্ৰীলংকাক পৰাস্ত ভাৰতৰ ৷ ইয়াৰ জৰিয়তে 2-0 ত শৃংখলা দখল ভাৰতৰ ৷

শৃংখলা দখল
78 ৰাণত শ্ৰীলংকাক পৰাস্ত ভাৰতৰ

স্পৰ্টছ ডেস্ক, 10 জানুৱাৰী : পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিম মেচত শ্ৰীলংকাক 78 ৰাণত পৰাস্ত কৰে ভাৰতীয় দলে ৷ 15.5 অ'ভাৰতে শ্ৰীলংকা দলে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 123 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ জৰিয়তে তিনিখনীয়া মেচৰ টি-20 শৃংখলাটো 2-0 ত দখল কৰে ভাৰতীয় দলে ৷

ভাৰতৰ হৈ নৱদ্বীপ ছাইনীয়ে তিনিটা উইকেট দখল কৰাৰ লগতে শাৰদুল ঠাকুৰ আৰু ৱাশ্বিংটন সুন্দৰে দুটাকৈ উইকেট দখল কৰে৷

202 ৰাণৰ বৃহৎ সীমা অতিক্ৰম কৰিবলৈ গৈ শ্ৰীলংকা দলে প্ৰথম অ'ভাৰতে জছপ্ৰীত বুমৰাহৰ হাতত ডানুস্কা গুনাথিলাকাৰ উইকেট হেৰুৱায় ৷ দ্বিতীয় অ'ভাৰত অভিস্কা ফাৰ্ণাণ্ডো, চতুৰ্থ উইকেটত অছাদা ফাৰ্ণাণ্ডো আৰু ইয়াৰ পাচতে কুশল পেৰেৰাৰো উইকেটৰ পতন ঘটে ৷ শ্ৰীলংকাৰ কোনো এজন বেটছমেনে সুন্দৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম নোহোৱাত 123 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰিবলগা হয় ৷

ইয়াৰ পূৰ্বে লাচিথ মালিংগাই টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়৷ ভাৰতে প্ৰথমে বেটিং কৰিবলৈ নামি অপেনাৰদ্বয় কে. এল. ৰাহুল আৰু শিখৰ ধাৱানৰ অৰ্ধশতকৰ জৰিয়তে বিশাল ইনিংছৰ দিশে অগ্ৰসৰ হয় ৷ অধিনায়ক বিৰাট কোহলীয়েও 26 ৰাণৰ ইনিংছ উপহাৰ দিয়ে ৷ আনহাতে, মনিষ পাণ্ডে আৰু শাৰদুল থাকুৰে ক্ৰমে 31 আৰু 22 ৰাণৰ ইনিংছ খেলে ৷ শ্ৰীলংকাৰ বলাৰসকলৰ ভিতৰত স্পীনাৰ লক্ষণ চান্দাকানে চাৰি অ'ভাৰত 35 ৰাণ খৰছ কৰি 3 টাকৈ উইকেট দখল কৰে ৷

আৰু পঢ়ক : খেলো ইণ্ডিয়া, 2020 ত অসমৰ হৈ উপাসাৰ প্ৰথমটো পদক দখল

ABOUT THE AUTHOR

...view details