অসম

assam

ETV Bharat / sports

সুঃখবৰ ! ভাৰত পাকিস্তানৰ মাজত ক্ৰিকেট মেচ

ক্ৰিকেট অনুৰাগীৰ বাবে ডাঙৰ খবৰ ৷ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব ক্ৰিকেট মেচ ৷ ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব খেলখন ৷

By

Published : Feb 27, 2020, 12:40 PM IST

সুঃখবৰ ! ভাৰত পাকিস্তানৰ মাজত ক্ৰিকেট মেচ
সুঃখবৰ ! ভাৰত পাকিস্তানৰ মাজত ক্ৰিকেট মেচ

স্পৰ্টছ ডেস্ক, 27 ফেব্ৰুৱাৰীঃদীৰ্ঘদিনৰ বিৰতিৰ পাচত চিৰ প্ৰতিদণ্ডী পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট মেচ খেলিব ভাৰতে ৷ পাকিস্তানৰ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত 11 মাৰ্চত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ ৷ অৱশ্যে এইয়া আইচিচিৰ টুৰ্ণামেণ্ট নহয় তাৰ পৰিৱৰ্তে টেনিছ বল ক্ৰিকেট বিশ্বকাপ হে ৷ অহা 8 মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন অনুষ্ঠিত হ’ব 13 মাৰ্চত ৷ টুৰ্ণামেণ্টখনৰ ফাইনেল মেচত আইকণ খেলুৱৈ হিচাপে দেখা পোৱা যাব ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ খেলুৱৈ ডৱেন ব্ৰেভ’ক ৷

ভাৰত পাকিস্তানৰ মাজত ক্ৰিকেট মেচ

ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানে 2013-14 চনত টেনিছ বল ক্ৰিকেট বিশ্বকাপত মুখামুখী হৈছিল ৷ অৱশ্যে ভাৰত আৰু পাকিস্তানৰ দলটোৱে 19 বছৰ অনুৰ্ধ্ব এছিয়া কাপৰ ফাইনেলতো অৱতীৰ্ণ হৈছিল ৷

বিগত বৰ্ষত টেনিছ বল ক্ৰিকেট বিশ্বকাপত মুঠ 16 টা দলে অংশগ্ৰহণ কৰিছিল যদিও এইবাৰ 20 টা দলে অংশ গ্ৰহণ কৰিব ৷ 10-10 অভাৰৰ অনুষ্ঠিত হ’ব মেচসমূহ ৷

ভাৰতীয় দলটোত আছে- অংকুৰ সিং, ঔমকাৰ দেছাই, থামছ দিয়াছ, মইনুদ্দিন শেখ, কৃষ্ণা সতপুতে, উস্মান পটেল, সুমিত ঢেকালে, যোগেছ পেংকাৰ, অজিত মোহিতে, দিনেশ নাকৰ্ণী, সৰুজ, বিশ্বাজীত ঠাকুৰ, জাফৰ জমাল, বিজয় পাবলে, চুলতান খান ৷প্ৰশিক্ষক হৈছে- ভাৰত লোহাৰ,পৰিচালক- জাবেদ শেখ ৷

ABOUT THE AUTHOR

...view details