অসম

assam

ETV Bharat / sports

ৰোহিত বাহিনীৰ লক্ষ্য এতিয়া '১১'

শৃংখলা জয়ৰ লক্ষ্য়ৰে সমুখ সমৰত নামিব ব্লেক কেট বনাম ব্লু বাহিনী

By

Published : Feb 9, 2019, 11:39 PM IST

ৰোহিত বাহিনীৰ লক্ষ্য এতিয়া '১১'


স্পৰ্টছ ডেস্ক, ৯ ফেব্ৰুৱাৰীঃদেওবাৰে হেমিল্টনত অনুষ্ঠিত হ'ব ভাৰতৰ নিউজিলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাৰ অন্তিমখন মেচ । শৃংখলা জয়ৰ লক্ষ্য়ৰে অৱতীৰ্ণ হ'ব ব্লেক কেটৰ বিপৰীতে ব্লু বাহিনী ।

ইতিহাস সূচনা কৰা লক্ষ্যৰে দেওবাৰে ৰণভূমিত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো । উল্লেখ্য় যে, ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ ভূমিত এখনো টি-২০ শৃংখলা জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ভাৰতেীয় দলটো । সেয়েহে হেমিল্টনৰ মেচখন অগ্নিপৰীক্ষাত পৰিণত হ'ব ৰোহিত বাহিনীৰ বাবে । যদি ৰোহিত বাহিনীয়ে শৃংখালত বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হয় তেন্তে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ পিচত ধাৰাবাহিক ভাৱে ১১ খন টি-২০ শৃংখলা জয় কৰিবলৈ সক্ষম ভাৰতে ।

শৃংখলাৰ প্ৰথম টি-২০ত পৰাজয়ৰ সন্মুখীন হ'লেও অকলেণ্ডত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ টি-২০ শৃংখলাত ১-১ ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটো । এতিয়া ক্ৰিকেট অনুৰাগীৰ অপেক্ষা দেওবাৰলৈ ।

ABOUT THE AUTHOR

...view details