স্পৰ্টছ ডেস্ক, ১৬ মে’: তৃতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপৰ খিতাপ জয়ৰ প্ৰবল দাবীদাৰ ভাৰত ৷ ভাৰতৰ হাতত আছে খিতাপ জয়ৰ সুন্দৰ সুযোগ ৷ এই কথা ক’লে ভাৰতৰ হৈ 99 খন টেষ্ট আৰু 334 খন এদিনীয়া খেলা প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনে ৷ বৰ্তমান ভাৰতীয় দলটোৰ বলিং এটেক যথেষ্ট শক্তিশালী আৰু ভাৰতীয় দলটোত বিশ্বমানৰ বলাৰ আছে ৷ জছপ্ৰীত বোমৰাহৰ লগতে মহম্মদ শ্বামী, ভূৱনেশ্বৰ কুমাৰৰ লগতে হাৰ্দিক পাণ্ডিয়াৰ দৰে দ্ৰুতবেগী বলাৰ আছে ৷
মহম্মদ আজহাৰউদ্দিনৰ মতে কোন বিশ্বকাপৰ প্ৰবল দাবীদাৰ ? - INDIA
ইংলেণ্ড এণ্ড ৱেলছত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে ভাৰত হৈছে প্ৰবল দাবীদাৰ ৷ এই মন্তব্য প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনৰ ৷
মহম্মদ আজহাৰউদ্দীনৰ মতে কোন বিশ্বকাপৰ প্ৰৱল দাবীদাৰ ?
লগতে পঢ়কঃ দলং হ’লেও কিয় ফেৰীৰেই মাজুলীলৈ যাব জুবিন
আজহাৰউদ্দিনৰ মতে, বিশ্বকাপৰ খিতাপৰ দৌৰত ভাৰতীয় দলটো প্ৰথম স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থান আছে ইংলেণ্ড আৰু তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া। অৱশ্যে ক্ৰিকেট অনিশ্চিয়তাৰ খেল বুলি উল্লেখ কৰে আজহাৰউদ্দিনে। ভাৰতে নিজৰ বিশ্বকাপৰ অভিযান অহা ৫ জুন আৰম্ভ কৰিব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ।