স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰীঃ ১৯৭৪ চনত এদিনীয়া ক্ৰিকেটৰ আৰম্ভণি কৰা ভাৰতীয় ক্ৰিকেট দলত এতিয়া অন্তৰ্ভূক্ত হোৱাৰ দিশে এক নতুন অভিলেখ । ৩০০ টা এদিনীয়া শতক অৰ্জন কৰা প্ৰথমটো দল হোৱাৰ দিশে ভাৰতীয় ক্ৰিকেট দল ।
৩০০ ৰ দিশে ভাৰতীয় ক্ৰিকেট দল - ৩০০ টা এদিনীয়া শতক
ব্য়ক্তিগত নহয় দলীয়ভাৱে এদিনীয়া ক্ৰিকেটত এক অভিলেখ গঢ়াৰ দিশে ভাৰত
ভাৰতে বৰ্তমান লৈকে ৯৬০ খন এদিনীয়াত অৱতীৰ্ণ হৈছে । য'ত বৰ্তমানলৈকে ২২৭ জন খেলুৱৈ এদিনীয়া ক্ৰিকেটত ভুমুকি মাৰিছে । এই দীঘলীয়া সময়ত ভাৰতীয় দলটোৱে মুঠ ১,৯৮,৩৮৩ ৰান কৰাৰ বিপৰীতে ২৭৭ টা এদিনীয়া শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । এতিয়া ৩০০ ৰ বাবে ভাৰতীয় দলক প্ৰয়োজন মাত্ৰ ২৩ টা শতকৰ । আশা কৰা হৈছে ২০১৯ বৰ্ষতে এই অভিলেখ গঢ়িবলৈ সক্ষম হ'ব ভাৰত ।
ভাৰতৰ পিচতে এই তালিকাত আছে অষ্ট্ৰেলিয়াৰ লগতে পাকিস্তান । অষ্ট্ৰেলিয়া দলটো বৰ্তমান লৈকে ৯২৩ খন এদিনীয়াত অৱতীৰ্ণ হৈছে । য'ত দলটোৱে সমূহীয়াভাৱে বৰ্তমানলৈকে ২১৬ টা এদিনীয়া শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পিচতে ১৯২ টা শতকেৰে তৃতীয় স্থানত আছে পাকিস্তান ।