অসম

assam

By

Published : Mar 29, 2021, 7:26 AM IST

ETV Bharat / sports

ইংলেণ্ডক 7 ৰাণত পৰাস্ত কৰি ভাৰতৰ এদিনীয়া শৃংখলা দখল

ক্ৰিকেটৰ তিনিওটা ফৰমেটত ইংলেণ্ডক ধৰাশায়ী কৰিলে ভাৰতীয় দলে ৷ দেওবাৰে অনুষ্ঠিত তৃতীয় তথা চূড়ান্ত এদিনীয়াত জয়েৰে 2-1 ব্যৱধানত এদিনীয়া শৃংখলা দখল কৰে ভাৰতে ৷ ইয়াৰ পূৰ্বে টেষ্ট আৰু টি-20 শৃংখলাও ভাৰতে নিজৰ দখললৈ আনিছে ৷

ভাৰতীয় দল
ভাৰতীয় দল

স্পৰ্টছ ডেস্ক, 29 মাৰ্চ : ভূৱনেশ্বৰ কুমাৰ আৰু শ্বাৰদুল ঠাকুৰৰ দূৰ্দান্ত বলিঙৰ জৰিয়তে ভাৰতে তৃতীয় তথা চূড়ান্ত এদিনীয়াত ইংলেণ্ড দলক 7 ৰাণত পৰাস্ত কৰে ৷ মহাৰাষ্ট্ৰ ক্ৰিকেট এচ'ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত মেচত জয়েৰে ভাৰতে 2-1 ব্যৱধানত শৃংখলা দখল কৰে ৷ ভূৱনেশ্বৰ কুমাৰে 3 টা উইকেট দখল কৰাৰ বিপৰীতে শ্বাৰদুল ঠাকুৰে সংগ্ৰহ কৰে 4 টা উইকেট ৷

ঋষভ পন্ত আৰু হাৰ্ডিক পাণ্ডিয়া

ইয়াৰ পূৰ্বে ভাৰতে বেটিং কৰি ঋষভ পন্ত, হাৰ্ডিক পাণ্ডিয়া আৰু শিখৰ ধাৱানৰ অৰ্ধ শতকৰ জৰিয়তে ইংলেণ্ডৰ সন্মুখত 330 ৰাণৰ সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ ইনিংছৰ আৰম্ভণিৰ পৰাই ভাৰতীয় বেটছমেনে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে ৷

ঋষভ পন্ত

প্ৰথম উইকেটৰ যুটীত ভাৰতীয় অপেনাৰ ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে 14 অভাৰত 100 ৰাণ গঢ়ে ৷ কিন্তু ইয়াৰ পাচতে আদিল ৰশিদৰ বলত 37 ৰাণত উইকেট হেৰুৱাই ৰোহিতে ৷ ৰোহিতৰ পাচতে ধাৱান 67 ৰাণ আৰু অধিনায়ক বিৰাট কোহলীয়ে 7 ৰাণ কৰি আউট হয় ৷ 25 অভাৰত লিয়াম লিভিংষ্টোনৰ বলত 7 ৰাণ কৰি উইকেট হেৰুৱাই কে. এল. ৰাহুলে ৷ ফলত ভাৰতৰ স্কৰ হয় 157/4 ৷ ইয়াৰ পাচতে হাৰ্ডিক পাণ্ডিয়া আৰু ঋষভ পন্তে পঞ্চম উইকেটৰ যুটীত সংগ্ৰহ কৰে 99 ৰাণ ৷ পন্তে 78 ৰাণ আৰু হাৰ্ডিকে 64 ৰাণ কৰি উইকেট হেৰুৱায় ৷ ভাৰতৰ স্কৰ 276/6 হোৱাৰ সময়ত খেলপথাৰত নামে ক্ৰুনাল পাণ্ডিয়া ৷

আনহাতে, অন্তিম অভাৰ কেইটাত শ্বাৰদুল ঠাকুৰে ক্ৰুনালৰ সৈতে খেলপথাৰত নামি ভাৰতক 300 ৰাণৰ সীমা অতিক্ৰম কৰোৱায় ৷ শ্বাৰদুলে 30 ৰাণ কৰি উইকেট হেৰুওৱাৰ পাচতে ভাৰতে স্কৰ বৰ্ডত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহয় ৷ ইয়াৰ পাচত ভাৰতে 329 ৰাণ কৰি আটাইকেইটা উইকেট হেৰুৱায় ৷

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড: এদিনীয়া শৃংখলাত অন্য এক নিদৰ্শন ৰোহিত-ধৱনৰ

ABOUT THE AUTHOR

...view details