স্পৰ্টছ ডেস্ক,3 জুলাইঃবাৰ্মিংহামত বিশ্বকাপৰ 40 সংখ্যক মেচত জয় লাভ ভাৰতৰ ৷ বাংলাদেশক পৰাস্ত কৰাৰ লগে লগেই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ বিৰাট বাহিনীৰ ৷ মঙলবাৰে বাংলাদেশৰ বিৰুদ্ধে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে ৷ ভাৰতীয় নতুন অপেনিং যুঁটি কে.এল ৰাহুল আৰু ৰোহিত শৰ্মাই প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰিছিল180 ৰান ৷ ৰোহিত শৰ্মাই এই বিশ্বকাপত চতুৰ্থটো শতক অৰ্জন কৰি অভিলেখ ৰচিবলৈ সক্ষম হয় ৷ 104 ৰান কৰি ছমিয়া সৰকাৰৰ বলত আউট হয় ৷
ক্ৰিকেট বিশ্বকাপঃ ছেমিফাইনেলত ভাৰত - ক্ৰিকেট বিশ্বকাপ
বাংলাদেশক 28 ৰানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ ভাৰতৰ ৷ ৰোহিত শৰ্মাৰ অভিলেখ সংখ্যক শতক ৷
আনহাতে 77 ৰান কৰি ৰুবেল হুছেনৰ বলত পেভেলিয়নমুখী হৈ ৰাহুল ৷ ইয়াৰ পাচত ভাৰতে নিয়মিত ব্যৱধানত উইকেট হেৰুৱাই আৰু নিৰ্ধাৰিত 50 অভাৰত 9 উইকেট হেৰুৱাই 314 ৰান কৰিবলৈ সক্ষম হয় ৷ কোহলিয়ে 26,ঋষভ পন্তে 48,হাৰ্দিক পাণ্ডিয়া 0,মহেন্দ্ৰ সিং ধোনীয়ে 35 ৰানৰ বৰঙণি আগবঢ়ায় ৷ বাংলাদেশৰ হৈ মুস্তাফিজুৰ ৰহমানে 5 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলটোৱে 48 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 286 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বাংলাদেশৰ হৈ ছাকিব-আল-হাছানে 66,মহম্মদ ছাইফুদ্দিন 51,ছমিয়া সৰকাৰ 33,তামিম ইকবাল 22,মুছফিকুৰ ৰহিম 24 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ জছপ্ৰীত বোমৰাহে 4 টা,হাৰ্দিক পাণ্ডিয়াই 3 টা,মহম্মদ শ্বামী,ভূৱনেশ্বৰ কুমাৰ আৰু যুজৱেন্দ্ৰ চাহালে 1 টা কৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ ৰোহিত শৰ্মাক তেওঁৰ শতকীয় ইনিংছৰ বাবে মেন অফ দ্য মেচৰ খিতাপ ঘোষণা কৰা হয় ৷