স্পৰ্টছ ডেস্ক, 17 জানুৱাৰী : ৱাংখেড়েত অনুষ্ঠিত প্ৰথম এদিনীয়াত বিধস্ত হোৱাৰ পাচত দ্বিতীয় এদিনীয়াত শৃংখলাত সমতা স্থাপনৰ লক্ষ্যৰে নামিব ভাৰত ৷ শুকুৰবাৰে চৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জয় সাব্যস্ত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব বিৰাট বাহিনী ৷
উল্লেখ্য যে, ৱাংখেড়েত অনুষ্ঠিত প্ৰথম এদিনীয়াত দহ উইকেটত পৰাস্ত হৈছিল ভাৰতীয় দল ৷ অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কিউমিনছৰ বলত আঘাতপ্ৰাপ্ত হোৱা বাবে কে. এল. ৰাহুলে উইকেট কীপাৰৰ দায়িত্ব পালন কৰিবলগা হৈছে ৷ দ্বিতীয় মেচতো পন্তৰ দায়িত্বভাৰ ৰাহুলে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷