স্পৰ্টছ ডেস্ক, 27 জুনঃ মানচেষ্টাৰত বিশ্বকাপৰ 34 সংখ্যক মেচত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হৈছে ভাৰত ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে ৷ প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতে 29 ৰানৰ দলীয় স্কৰত নিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৰোহিত শৰ্মাৰ ৷ ৰোহিতে 18 ৰান কৰি কেমাৰ ৰচৰ বলত উইকেটৰ পিচত কেট্ছ আউট হৈ পেভিলিয়নমুখী হয় ৷ ইয়াৰ পাচত ৰাহুল আৰু বিৰাটে দলটোৰ স্কৰ কিছু আগবঢ়ায় যদিও 48 ৰানত আউট হয় কে.এল ৰাহুল ৷
বিশ্বকাপঃ ৱেষ্ট ইণ্ডিজক 269 ৰানৰ লক্ষ্য ভাৰতৰ - ভাৰত
ৱেষ্ট ইণ্ডিজৰ সন্মুখত 269 ৰানৰ লক্ষ্য ভাৰতৰ ৷ মানচেষ্টাৰত বিশ্বকাপৰ 34 সংখ্যক মেচত মুখামুখি হৈছে ভাৰত ৷
ইয়াৰ মাজতেই কোহলিয়ে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম 20 হাজাৰ ৰান সম্পূৰ্ণ কৰে বিৰাটে ৷ বিৰাটে শচীন আৰু ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰে ৷ কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ মুঠ 417 টা ইনিংছত এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে শচীন তেণ্ডুলকাৰ আৰু ব্ৰায়ান লাৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ 453 টা ইনিংছত সম্পূৰ্ণ কৰিছিল 20 হাজাৰ ৰান ৷ লগতে বিৰাটে মেচখনত একেৰাহে চতুৰ্থবাৰৰ বাবে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বিৰাটে দলটোৰ হৈ সৰ্বাধিক 72 ৰান কৰি আউট হয় ৷
অন্যহাতে ধোনীয়ে অপৰাজিত 56 আৰু হাৰ্দিক পাণ্ডিয়াই 46 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই 268 ৰান কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ কেমাৰ ৰচে 3 টা, জেছন হল্ডাৰে 2 টা, শ্বেল্ডন কট্ৰেলে 2 টা উইকেট লাভ কৰে ৷ এতিয়া ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে প্ৰয়োজন 269 ৰানৰ ৷ দুয়োটা দলে ইয়াৰ পূৰ্বে বিশ্বকাপত 8 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত 5 বাৰ ভাৰতে আৰু 3 বাৰ ৱেষ্ট ইণ্ডিজে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷