স্পৰ্টছ ডেস্ক, 3 আগষ্ট : শনিবাৰে ফ্ল'ৰিডাৰ চেন্ট্ৰেল ব্ৰ'ৱাৰ্ড ৰিজিঅ'নেল পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টি - 20 মেচত জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই ৷ টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলক বেটিঙৰ বাবে আমন্ত্ৰণ জনাই অধিনায়ক বিৰাট কোহলীয়ে ৷ প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজ দলে 20 অ'ভাৰত 9 টা উইকেট হেৰুৱাই কেৱল 95 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতীয় বলাৰে ৱেষ্ট ইণ্ডিজৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰি 95 ৰাণতে সীমাবদ্ধ ৰাখিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক 49 টা বলত 49 ৰাণৰ ইনিংছ খেলে কেইৰণ পোলাৰ্ডে ৷ তেওঁৰ উপৰি নিকোলাছ পুৰাণে 20 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ নৱদীপ ছাইনীয়ে 3 টা, ভূৱনেশ্বৰ কুমাৰে 2 টা, ৱাশ্বিংটন সুন্দৰ, খলীল আহমেদ, ক্ৰুনাল পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাই 1 টাকৈ উইকেট দখল কৰে ৷
চাৰি উইকেটত জয়লাভ টীম ইণ্ডিয়াৰ - ফ্ল'ৰিডা
প্ৰথম খন টি - 20 ত 4 উইকেটত জয়লাভ ভাৰতীয় দলৰ ৷ ৱেষ্ট ইণ্ডিজৰ 96 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 6 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷
চাৰি উইকেটত জয়লাভ টীম ইণ্ডিয়াৰ
ইয়াৰ পাছতে ভাৰতীয় দলে 96 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰোহিত শৰ্মাৰ 24 ৰাণ আৰু অধিনায়ক বিৰাট কোহলীৰ 19 ৰাণৰ জৰিয়তে এই সীমা অতিক্ৰম কৰে ৷ ভাৰতে 6 টাকৈ উইকেট হেৰুৱাই 98 ৰাণ সংগ্ৰহ কৰে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ছেল্ডন কট্ৰেল, সুনীল নাৰায়ন আৰু কিম' পলে 2 টাকৈ উইকেট দখল কৰে ৷